যোৰহাট: প্ৰায়ভাগ লোকে কম-বেছি পৰিমানে কঁঠাল খায় । কঁঠালত থকা উপাদানসমূহৰ ভিতৰত মেগনেছিয়ামৰ পৰিমাণ বেছি । মেগনেছিয়ামক হাড়ৰ বাবে উপকাৰী বুলি কোৱা হয় । এইবিধ ফলত থাকে ৰাইবোফ্লেভিন, থাইয়ামিনৰ লগতে পটাছিয়াম, তাম ,মেংগানিজ আৰু আঁহ আদি উপাদান । এই সকলোবোৰ পুষ্টিকৰ উপাদান শৰীৰৰ বিভিন্ন কাৰ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈ আহিছে । এই সন্দৰ্ভত ই টিভি ভাৰতৰ আগত কৃষি বিজ্ঞানী ড৹ ৰাজেন্দ্ৰ প্ৰসাদ দাসে আগবঢ়াইছে মন্তব্য় ।
ইয়াত থকা উপাদানসমূহ :
কৃষি বিজ্ঞানীগৰাকীয়ে কঁঠালৰ উপকাৰিতা সম্পৰ্কে কয়, "প্ৰচুৰ পৰিমাণে 'এ' আৰু 'বি' ভিটামিন পোৱা যায় । এজোপা কঁঠাল গছ ৪০ ৰ পৰা ৬০ বছৰ পৰ্যন্ত জীয়াই থাকে । গছজোপাক ভালদৰে লালন-পালন কৰিলে ৫ বছৰৰ পৰাই গছজোপাই ফল দিবলৈ আৰম্ভ কৰে । কঁঠালৰ লগতে কঁঠালৰ গুটি আমাৰ স্বাস্থ্যৰ বাবে অতি ফলদায়ক । কাৰণ কঁঠাল আৰু কঁঠালৰ গুটিত প্ৰচুৰ পৰিমাণে কেলছিয়াম, মেগনেছিয়াম, আইৰণ, পটাছিয়াম, কাৰ্ব'হাইড্ৰেট, ভিটামিন 'এ' আৰু 'বি' পোৱা যায় । কঁঠালৰ পৰা 'চি' ভিটামিন কম-বেছি পৰিমাণে পোৱা যায় ।"
ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে :