অসম

assam

ETV Bharat / state

জন্মস্থানত অগপৰ প্ৰতিষ্ঠা দিৱসত দলৰ ভেটি শক্তিশালী কৰাৰ সংকল্প

৪০ বছৰ পূৰ্বে আজিৰ দিনটোতেই অসমত জন্মলাভ কৰিছিল এটা আঞ্চলিক দলে । সেই বছৰতেই দলটোৱে গঠন কৰিছিল চৰকাৰ ।

By ETV Bharat Assamese Team

Published : Oct 14, 2024, 4:14 PM IST

Foundation Day of AGP
জন্মস্থান গোলাঘটত অগপৰ প্ৰতিষ্ঠা দিৱস (ETV Bharat Assam)

গোলাঘাট, ১৪ অক্টোবৰ: আজি অগপৰ প্ৰতিষ্ঠা দিৱস । ১৯৮৫ চনৰ ১৪ অক্টোবৰ অৰ্থাৎ আজিৰ দিনটোতে জন্ম হৈছিল অসম গণ পৰিষদ (অগপ) । ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত প্ৰতিষ্ঠা লাভ কৰিছিল এই দলটোৱে ৷ অসমৰ আঞ্চলিক ৰাজনৈতিক শক্তিৰ বাটকটীয়া হিচাপে অগপ দলক আখ্য়া দিয়া হয় যদিও পৰৱৰ্তী সময়ত এই দলটোৱে সন্মুখীন হ'বলগীয়া হয় প্ৰত্য়াহ্বানৰ ।

অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে দলটোৰ জন্মস্থান গোলাঘটত অনুষ্ঠুপীয়াকৈ উদযাপন কৰা হয় ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস । গোলাঘাট নগৰৰ মাজমজিয়াৰ অসম গণ পৰিষদৰ কাৰ্যালয়ত আয়োজন কৰা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দলীয় পতাকা উত্তোলন কৰে গোলাঘাট জিলা সমিতিৰ সভাপতি ড৹ নৃপেন বৰুৱাই । আনহাতে,শ্বহীদ তৰ্পণ কৰে শ্বহীদ ঘনকান্ত শইকীয়াৰ পুত্ৰ কমলেশ্বৰ শইকীয়াই । তাৰ পাছতে কাৰ্যালয় সভাগৃহত অনুষ্ঠিত এখন সভাত অনাগত দিনত কেনেকৈ দলটো শক্তিশালী কৰিব পাৰি সেই বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয় ।

জন্মস্থান গোলাঘটত অগপৰ প্ৰতিষ্ঠা দিৱস (ETV Bharat Assam)

এই প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি অসম গণ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি ড৹ নৃপেন বৰুৱাই কয়,"শ্বহীদ পৰিয়ালৰ অসীম কষ্টৰ ফলত ১৯৮৫ চনৰ ১৫ আগষ্টত অসম চুক্তি সম্পাদিত হৈছিল আৰু পৰৱৰ্তী সময়ত এই ঐতিহাসিক গোলাঘাট চহৰত সেই বৰ্ষৰ ১৪ অক্টোবৰত অসম গণ পৰিষদ দলৰ জন্ম হৈছিল । দলটো জন্মৰ পৰা আজিলৈকে বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজত এই অৱস্থা পাইছে আৰু আজিও অসমৰ জনগণৰ হৃদয়ৰ মাজত দলটো জীয়াই আছে ।"

প্ৰতিষ্ঠা দিৱসত প্ৰতিজ্ঞাবদ্ধ

তেওঁ পুনৰ কয়," আমি আজি এই ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰতিজ্ঞাবদ্ধ হৈছো যে গোলাঘাট জিলাত অসম গণ পৰিষদ দলৰ ভেটি মজবুত কৰাৰ লগতে অসমৰ জাতীয় সমস্যা যেনে ভূমি সমস্যা, নিবনুৱা,প্ৰব্ৰজন, বানপানীৰ সমস্যা আদি নিৰ্মূল কৰাৰ স্বাৰ্থত তৃণমূল পৰ্যায়ত ৰাইজৰ মাজলৈ নি মতামত বিচাৰি সেইমতে অসম গণ পৰিষদ দলে সামাধানৰ ব্যৱস্থা কৰিম । "

অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ আশাবাদী

তদুপৰি শেহতীয়াকৈ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাৰ কাৰ্যকালত ফলপ্ৰসূ হ'ব বুলি আশাবাদী বুলি কয় গোলাঘাট জিলা সমিতিৰ সভাপতিগৰাকীয়ে । উল্লেখ্য় যে ১৯৮৫ চনৰ ১৪ অক্টোবৰত গোলাঘাট ঐতিহাসিক দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত জন্ম হৈছিল অসম গণ পৰিষদ দলৰ ।

লগতে পঢ়ক:অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস; যোগদান কৰিব নেকি অনুপ চেতিয়াই ?

নতুন ৰাজনৈতিক ঠিকনা অনুপ চেতিয়াৰ - Anup Chetia to join AGP

ABOUT THE AUTHOR

...view details