মৰাণ, ১৪ অক্টোবৰ: আজি অসম গণ পৰিষদৰ ৪০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস । ১৯৮৫ চনৰ ১৪ অক্টোবৰত জন্মলাভ কৰা দলটোৰ এইবাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস চাবুৱাৰ জেৰাই গাঁৱত অনুষ্ঠিত কৰি দলটোৱে ৰাজ্যত আঞ্চলিক শক্তি শক্তিশালী কৰিবলৈ সংকল্প গ্ৰহণ কৰে । আজি কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰিলে অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তসহ ৪০ গৰাকী নেতাই । অগপৰ ৪০ পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ দিনটোত দলটোৰ বাবে জীৱন ত্যাগ কৰা প্ৰতিজন শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ।
কিয় অগপত যোগদান নকৰিলে অনুপ চেতিয়াই:
অগপৰ এই কেন্দ্রীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত উপস্থিত থাকে প্ৰাক্তন আলফা নেতা অনুপ চেতিয়া । বিগত কেইবাদিনৰ পৰা চৰ্চা চলিছিল অনুপ চেতিয়াই আজিৰ দিনটোতে অসম গণ পৰিষদত যোগদান কৰিব । কিন্তু অসম গণ পৰিষদক মুকলি সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দিয়ো দলীয় প্ৰতীক নিপিন্ধিলে প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই ।
আজি প্ৰাক্তন আলফা নেতাগৰাকী অগপত যোগদানৰ সৰৱ চৰ্চা চলি থকা সময়তে এই কথা পোনচাটেই নসাৎ কৰে । বৰ্তমান পৰিস্থিতিত তেওঁ কোনোপক্ষে ৰাজনৈতিক দলত যোগদান কৰাটো সম্ভৱ নহয় বুলি উল্লেখ কৰে । তেওঁ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক অগপৰ সৈতে একত্ৰিত হৈ কাম কৰি যোৱাৰ আহ্বান জনাই কয় যে বৰ্তমান সময়ত আন আঞ্চলিক দলসমূহে সাংগঠনিক ভেঁটি শক্তিশালী কৰাটো সহজ নহয় ।
অগপৰ আমোলৰ গুপ্তহত্যাৰ বাবেই ৰাইজৰ আস্থা হেৰুৱাইছিল যদিও বৰ্তমানৰ অগপৰ নেতৃত্বই সেই পৰিস্থিতি হ'বলৈ নিদিয়ে বুলিও তেওঁ মন্তব্য় কৰে । লগতে অগপক শক্তিশালী জাতীয়তাবাদী আঞ্চলিকতাবাদী দল বুলি মন্তব্য কৰে অনুপ চেতিয়াই ।
প্ৰাক্তন আলফা নেতাগৰাকী অগপত যোগদান কিয় নকৰিলে সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "প্ৰকৃত জাতীয়তবাদী হিচাপে মোৰ তেজৰ কণিকাই কণিকাই আঞ্চলিকতাবাদ বিয়পি আছে । মই অসম গণ পৰিষদক সমৰ্থন কৰো আৰু ভৱিষ্যতে তেওঁলোকক সহযোগিতা কৰিবলৈ প্ৰস্তুত আছো । বৰ্তমান কোনো ৰাজনৈতিক দলত যোগদান নকৰো । আলফাৰ চুক্তি সফল নোহোৱাকৈ মই কোনো ৰাজনৈতিক দলত যোগদান কৰিব নোৱাৰো ।"