গোলাঘাট:অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীত ২ নং উপৰ তৰানিত পুনৰ নগাৰ আগ্ৰাসন । নগাৰ এটা দলে অসমৰ ভূমিত প্ৰৱেশ কৰি কাটি তহিলং কৰিলে গছ-গছনি । শনিবাৰৰ পৰা নগাৰ এটা বৃহৎ দলে ৱেলচন কেৰকেটা নামৰ অসমীয়া কৃষকজনৰ ভোগ দখলত থকা এটা টিলাৰ গছ-গছনি কাটি তহিলং কৰিছে ।
দশক দশক ধৰি ৱেলচন কেৰকেটাৰ ভোগদখলত থকা ভূমিখণ্ড নিজৰ বুলি দাবী কৰি নগাৰ দলটোৱে নিজৰ আয়ত্বলৈ নিবলৈ চেষ্টা চলাই আছে । নগাৰ এনে বেদখলক কেৰকেটাই বাধা প্ৰদান কৰাত নগাৰ দলটোৱে ওলোটাই ভাবুকিহে প্ৰদান কৰে । ইপিনে, কেৰকেটাই কৰা অভিযোগৰ ভিত্তিত নিৰপেক্ষ বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাত নগাৰ দলটো আঁতৰি যায় ।
এই সম্পৰ্কে উক্ত ভূমিত ভোগ দখল কৰি থকা ৱেলচন কেৰকেটাই কয়," মোৰ উপৰিপুৰুষৰ পৰাই এই ভূমিত ভোগ দখল কৰি আছো । কিন্তু এতিয়া নগাই তামোল গছ, কলগছ কাটি দখল কৰিব বিচাৰিছে । মোক ন্যায় লাগে । শনিবাৰৰ পৰা নগাৰ এটা দলে গছ-গছনি কাটি আছে । "