অসম

assam

By ETV Bharat Assamese Team

Published : 7 hours ago

ETV Bharat / state

প্ৰতি সপ্তাহতে ঋণ লৈছে অসম চৰকাৰে : ১ অক্টোবৰত পুনৰ ল’ব ৭৫০ কোটি টকা ঋণ - Assam Govt Loan

Assam Govt loan from RBI : ১৭ ছেপ্টেম্বৰত লৈছিল ৫০০ কোটি টকা ঋণ আৰু ২৪ ছেপ্টেম্বৰত ২৫০ কোটি টকা ঋণ ৷ এসপ্তাহত অসম চৰকাৰে লোৱা ঋণৰ পৰিমাণ এয়া ৷ সপ্তাহে প্ৰতি ঋণ লৈছে অসম চৰকাৰে ৷ এইবাৰ ১ অক্টোবৰত আকৌ ল'ব ৭৫০ কোটি টকা ঋণ ৷

Assam Govt loan from RBI
প্ৰতি সপ্তাহতে ঋণ লৈছে অসম চৰকাৰে (ETV Bharat)

গুৱাহাটী, ২৬ ছেপ্টেম্বৰ : এফালে ঋণ, আনফালে হিতাধিকাৰী আঁচনি ৷ হিতাধিকাৰী আঁচনিপ্ৰিয় অসমৰ বিজেপি চৰকাৰে ২০২৬ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি ভোটবেংকৰ স্বাৰ্থত যোৱা ১৯ ছেপ্টেম্বৰত অৰুণোদয় ৩.oৰ শুভাৰম্ভ কৰে ৷ কেৱল অৰুণোদয় আঁচনিতেই অসম চৰকাৰে মাহে ১২৫০ কোটি টকাকৈ ব্যয় কৰিব ৷

ৰাজ্যৰ প্ৰায় ৩৭.২ লাখ হিতাধিকাৰীক অৰুণোদয়যোগে বছৰি প্ৰায় ৫৬০৪.০০ কোটি টকা প্ৰদান কৰিব অসম চৰকাৰে ৷ তাৰ বিপৰীতে শেহতীয়াকৈ প্ৰায় প্ৰতি সপ্তাহত বৃহৎ পৰিমাণৰ ঋণ লৈ আহিছে ৰাজ্য চৰকাৰে ৷ ইয়াৰ উপৰিও আন আন হিতাধিকাৰী আঁচনিবোৰ আছেই ৷ অৰুণোদয়ৰ নতুন হিতাধিকাৰীৰ উপৰিও নিযুত মইনাৰ টকা দিব লাগে চৰকাৰে ৷ লগতে নৱম শ্ৰেণীৰ ছাত্ৰীৰ লগতে এইবাৰ ছাত্ৰকো চাইকেল দিয়া আচঁনিয়ে সামৰি ল’লে ৷

প্ৰতি সপ্তাহতে ঋণ লৈছে অসম চৰকাৰে (ETV Bharat Assam)

ইয়াৰ মাজতেই আকৌ ১ অক্টোবৰত পুনৰ ৭৫০ কোটি টকাৰ ঋণ গ্ৰহণ কৰিব ৷ অসম চৰকাৰৰ বিত্ত (বাজেট) বিভাগৰ সচিব দিলীপ কুমাৰ বৰাই বৃহস্পতিবাৰে এই বিষয়ত নিয়ম অনুসৰি এখন জাননী জাৰি কৰি জনোৱা অনুসৰি অসম চৰকাৰে মুঠ প্ৰায় ৭৫০ কোটি টকাৰ (প্ৰত্যক্ষ মূল্য)ৰ ষ্টক নিলাম বিক্ৰীৰ বাবে আগবঢ়াইছে ৷ অহা ১ অক্টোবৰ, ২০২৪ তাৰিখ মঙলবাৰে বহুতৰপীয়া মূল্যৰ প্ৰ-পত্ৰৰ অধীনত এই মূল্য উদ্ভূত নিলাম ভাৰতীয় ৰিজার্ভ বেংকৰ 'ক'ৰ বেংকিং চল্যুচন' (e-Kuber)ত অনুষ্ঠিত হ'ব ৷ ৰিজার্ভ বেংকৰ ৱেবছাইট www.rbi.org.inত ২৬ ছেপ্টেম্বৰৰ তাৰিখতো এই তথ্য উপলব্ধ ৷

প্ৰতি সপ্তাহতে ঋণ লৈছে অসম চৰকাৰে (ETV Bharat Assam)

আনহাতে যোৱা ১৭ ছেপ্টেম্বৰত ৫০০ কোটি টকা ঋণ গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে ৷ ৰিজার্ভ বেংকৰ ষ্টক নিলামযোগে যোৱা ১৭ ছেপ্টেম্বৰত ৫০০ কোটি টকা ঋণৰ নিবিদাৰ কথা ৰাজ্যৰ বিত্ত (বাজেট) বিভাগৰ সচিবগৰাকীয়ে ১৬ ছেপ্টেম্বৰত সদৰী কৰিছিল ৷ ইয়াৰ পূৰ্বেও যোৱা ১ আগষ্ট আৰু ২৭ আগষ্টত ৰাজ্য চৰকাৰে ১,০০০ কোটি টকাকৈ মুঠ ২০০০ কোটি টকাৰ ঋণ লৈছিল ৷

ৰাজ্য চৰকাৰে সঘনাই এইদৰে ঋণ লোৱা কাৰ্যক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক স্বাভাৱিক বিত্তীয় প্ৰক্ৰিয়া বুলি সময়ে সময়ে দাবী কৰি আহিছে ৷ আনহাতে ৰাজ্যৰ বিৰোধীসকলে অসম চৰকাৰে বিত্তীয় সংকটৰ টাপলি মৰাৰ বাবেই সঘনাই ঋণ ল’বলগীয়া হৈছে বুলি চৰকাৰক সমালোচনা কৰি আহিছে ৷ চলিত বিত্তীয় বৰ্ষৰ ৬টা মাহতে অসম চৰকাৰে বৰ্তমানলৈ প্ৰায় ৬ হাজাৰ কোটি টকা ঋণ লোৱাৰ তথ্য বিত্ত বিভাগৰ তথ্যত প্ৰকাশ ৷ অসম চৰকাৰে যোৱা ২৪ ছেপ্টেম্বৰত পুনৰ লোৱা ২৫০ কোটি টকা ঋণকে ধৰি অসম চৰকাৰৰ ধাৰৰ বোজাৰ পৰিমাণ ১ লাখ ৫৭ হাজাৰ ২৫০ কোটি টকালৈ বৃদ্ধি পালে ৷ অসম চৰকাৰৰ বিত্ত বিভাগৰ তথ্য এয়া ৷

বিত্ত বিভাগৰ তথ্য অনুসৰি যোৱা বিত্তীয় বৰ্ষত অসম চৰকাৰে ২০ হাজাৰ কোটি টকা ঋণ লৈছিল ৷ বিত্তীয় নাটনিৰ জোৰা মাৰিব নোৱৰাৰ বিপৰীতে অসম চৰকাৰে ২০২৬ৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি অৰুণোদয় হিতাধিকাৰীক প্ৰসন্ন কৰাৰ উদ্দেশ্যেই ঋণ ল’বলগীয়া হোৱা বুলি সমালোচনাৰ সন্মুখীন হৈ আহিছে ৷

লগতে পঢ়ক :শিক্ষাৰ্থীৰ বাবে চৰকাৰৰ অভিনন্দন : কোনে কিদৰে লাভ কৰিব পাৰিব আঁচনিখনৰ সুবিধা

বছৰৰ পঞ্চমটো মাহত পুনৰ ঋণ ল'বলৈ আগবাঢ়িছে অসম চৰকাৰ

পলাতক বিজয় মালিয়াৰ বিৰুদ্ধে জামিনবিহীন ৱাৰেণ্ট জাৰি

ABOUT THE AUTHOR

...view details