গুৱাহাটী,১৭ অক্টোবৰ:বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ ভিত্তিবৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানক লৈ উৎফুল্লিত এ আই ইউ ডি এফ দল । দলটোৰ গুৱাহাটীৰ হাতীগাঁওস্থিত মুখ্য কাৰ্যালয়ত ন্যায়ালয়ৰ ৰায়দানৰ পাছতে কেক কাটি আনন্দ উদযাপন কৰা হয় । বিধায়ক আমিনুল ইছলামে কেক কাটি উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই আনন্দ প্ৰকাশ কৰে ।
বিদেশী নাগৰিকৰ চিনাক্তকৰণ সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে ঐতিহাসিক ৰায় দিয়ে । ভিত্তিবৰ্ষৰ ক্ষেত্রত ১৯৫১, ১৯৬৬ আৰু ১৯৭১ চনৰ প্ৰসংগক লৈ দীৰ্ঘসময় ধৰি চলি অহা বিতৰ্কৰ অৱসান ঘটাই আজি ন্যায়ালয়ে ১৯৭১ চনৰ ২৫ মাৰ্চ বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হ'ব বুলি ৰায় দিয়ে । উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে দিয়ে এই গুৰুত্বপূৰ্ণ ৰায় । ন্যায়ালয়ৰ ৰায়ৰ পাছতে এ আই ইউ ডি এফৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে । দলীয় নেতা-কৰ্মীসকলে কেক কাটি ন্যায়ালয়ৰ ৰায়ক আদৰণি জনায় ।
ভিত্তিবৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায় সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক আমিনুল ইছলামে কয়,"আমি সুদীৰ্ঘ ১৫ বছৰে অসমৰ ভিত্তিবৰ্ষক কেন্দ্ৰ কৰি অসম সন্মিলিত মহাসংঘৰ চলি থকা গোচৰটোক লৈ শংকা-সংশয়ৰ মাজত আছিলো । ভিত্তিবৰ্ষক লৈ পুনৰ অসম অশান্ত হ'ব নেকি বুলি এটা সংশয়ৰ মাজত আছিলো । আজি উচ্চতম ন্যায়ালয়ে সকলো সন্দেহ আৰু সংশয় আঁতৰাই ভিত্তিবৰ্ষ ১৯৭১ চনৰ ২৫ মাৰ্চ বাহাল ৰাখিলে । ন্যায়ালয়ৰ এই ৰায়দানত আমি নথৈ আনন্দিত হৈছো । এইটো ন্যায় ব্যৱস্থাৰ বিজয় বুলি ক'ব বিচাৰিছো । অসম চুক্তিৰ বিজয় বুলি ক'ব বিচাৰিছো ।"