গুৱাহাটী : সামাজিক মাধ্যমত পুনৰ অসম সন্দৰ্ভত বিকৃত মন্তব্য কৰিলে এজন ইউটিউবাৰে । ইয়াৰ পূৰ্বেও বহুবাৰ অসমকলৈ বিভিন্নজনে বিকৃত মন্তব্য কৰাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । এইবাৰ অসমৰ মৰিগাঁও জিলাৰ মায়ঙৰ বিখ্যাত যাদুকলাক লৈ বিকৃত মন্তব্য কৰিলে অভিষেক কৰ নামৰ এজন ইউটিউবাৰে । সামাজিক মাধ্যমত ভাইৰেল হোৱা অভিষেক কৰৰ ভিডিঅ'টোত মায়ঙৰ যাদুকলাৰ প্ৰসংগত বিভ্ৰান্তিকৰ তথ্য দাঙি ধৰা হৈছে । মায়ঙৰ যাদুকলাক অতি বিকৃত ৰূপ দিয়া হৈছে ।
ব্যাপক চৰ্চিত ভিডিঅ'টোকলৈ সামাজিক মাধ্যমযোগে অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে । মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পাছতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙেও ইউটিউবাৰজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদৰী কৰিছে । মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়াৰ পাছতে ইউটিউবাৰ অভিষেক কৰে সামাজিক মাধ্যমযোগে নিজৰ ভুলৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচৰাৰ উপৰিও ভিডিঅ'টো আঁতৰ কৰাৰ কথা সদৰী কৰিছে । উল্লেখ্য যে ইউটিউবাৰ অভিষেক কৰে ইউটিউব চেনেল 'Riya Upreti'ত দিয়া এটা সাক্ষাৎকাৰত অসম সম্পৰ্কত এই বিকৃত মন্তব্য কৰিছিল ।
মায়ঙৰ যাদুকলাকলৈ ইউটিউবাৰ অভিষেক কৰে কি কৈছিল ?
ইউটিউবাৰ অভিষেক কৰে 'Riya Upreti' নামৰ এটা ইউটিউব চেনেলত দিয়া সাক্ষাৎকাৰত প্ৰসংগক্ৰমে অসমৰ মায়ঙৰ বিখ্যাত যাদুকলা সন্দৰ্ভত মন্তব্য কৰিছিল । যিটো মন্তব্য আছিল সম্পূৰ্ণ ভিত্তিহীন । তথ্য বিকৃত কৰি ইউটিউবাৰজনে মায়ঙৰ যাদুকলা সন্দৰ্ভত মন্তব্য কৰিছিল । ভিডিঅ'টোত তেওঁ কৈছিল, "অসমত এতিয়াও এনে এখন গাঁও আছে, যিখন গাঁৱৰ মহিলাসকলৰ ইমান সিদ্ধি আছে যে তেওঁলোকে মানুহক ছাগলীকে ধৰি যিকোনো জন্তু বনাই দিব পাৰে । নিশা পুনৰ সেই জন্তুবোৰক মানুহ বনাই তেওঁলোকে সম্ভোগ কৰে । কাৰণ তেওঁলোকে বিভিন্ন তান্ত্রিক অভ্যাস কৰে ।" এইদৰে তেওঁ মায়ঙৰ যাদুকলাক অতি বিকৃত ৰূপত ভিডিঅ'টোত দাঙি ধৰিছিল ।
মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া আৰু কঠোৰ নিৰ্দেশ :