অসম

assam

ETV Bharat / state

দেওবাৰে ৪২ টা বিভাগৰ এ ডি আৰৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা, আকৌ ৰাজ্যজুৰি বন্ধ হ’ব মোবাইল সেৱা - ADRE FOURTH GRADE EXAM

এ ডি আৰৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব ১৩,৭৯,১৩২গৰাকী পৰীক্ষাৰ্থী ।

SLRC Chairman Press Meet
এছএলআৰচিৰ অধ্যক্ষৰ সংবাদমেল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 25, 2024, 4:00 PM IST

Updated : Oct 25, 2024, 7:58 PM IST

গুৱাহাটী:অহা ২৭ অক্টোবৰত অনুষ্ঠিত হ'ব অসম চৰকাৰৰ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা চমুকৈ এ ডি আৰৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা । এই পৰীক্ষা সন্দৰ্ভত শুকুৰবাৰে বামুণীমৈদামৰ এ এছ এছ ই বিৰ কাৰ্যালয়ত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ চমুকৈ এছ এল আৰ চিৰ অধ্যক্ষ ড৹ বি কল্যাণ চক্ৰৱৰ্তী, এ এছ এছ ই বিৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে সংবাদমেল সম্বোধন কৰি এই বিষয়ে ব্য়াখ্য়া কৰে । ৰাজ্যজুৰি বন্ধ হ’ব মোবাইল সেৱা ।

২৮ খন জিলাত অনুষ্ঠিত হ'ব পৰীক্ষা

এছ এল আৰ চিৰ অধ্যক্ষগৰাকীয়ে এই সন্দৰ্ভত কয়, "২৭ অক্টোবৰত ২৮ খন জিলাত ৰাজ্য চৰকাৰৰ ৪২ টা বিভাগত ৫,০২৩ টা পদৰ বাবে অনুষ্ঠিত হ'ব এ ডি আৰৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা । এই পৰীক্ষাত সৰ্বমুঠ ১৩,৭৯,১৩২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব । এইবাৰ পৰীক্ষাত দুখন প্ৰশ্নকাকত থাকিব । প্ৰথম প্ৰশ্নকাকতৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ ৮,২৭,১৩০ গৰাকী আৰু দ্বিতীয় প্ৰশ্ন কাকতৰ বাবে অষ্টম শ্ৰেণীলৈ উত্তীৰ্ণ ৫,৫২,০০২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব ।"

এছ এল আৰ চিৰ অধ্যক্ষৰ সংবাদমেল (ETV Bharat Assam)

তেওঁ পুনৰ কয়,"প্ৰথম প্ৰশ্নকাকতৰ পৰীক্ষা ৰাজ্যৰ ১,৪৮৪ টা আৰু দ্বিতীয় প্ৰশ্ন কাকতৰ পৰীক্ষা ৮০৮ টা পৰীক্ষাকেন্দ্ৰত অনুষ্ঠিত হ'ব । প্ৰথম প্ৰশ্নকাকতৰ পৰীক্ষা পুৱা ৯ বজাৰ পৰা ১১:৩০ বজালৈ অনুষ্ঠিত হ'ব । আনহাতে, দ্বিতীয় প্ৰশ্ন কাকতৰ পৰীক্ষা দিনৰ ১:৩০ বজাৰ পৰা ৪ বজালৈ অনুষ্ঠিত হ'ব । এইবাৰ নিগেটিভ মাৰ্কিং থকাৰ বাবে আধা ঘণ্টা সময় অতিৰিক্তভাৱে বঢ়াই দিয়া হৈছে ।"

এছ এল আৰ চিৰ অধ্যক্ষগৰাকীয়ে আৰু কয় যে পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে সকলো জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষকৰ সৈতে বৈঠক অনুষ্ঠিত হৈছে । প্ৰায় ১ লাখ চৰকাৰী বিষয়া-কৰ্মচাৰী নিয়োগ কৰা হ'ব পৰীক্ষাত । প্ৰতিটো কেন্দ্ৰত ২০-৩০ জনকৈ আৰক্ষী নিয়োগ কৰা হ'ব । যিসকলে পৰীক্ষাৰ নিয়ম উলংঘা কৰে বা বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাই তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা হাতত লোৱা হ'ব ।

সকলোকে নিৰ্ভীকভাৱে পৰীক্ষা দিবলৈ আহ্বান

পৰীক্ষাৰ অন্তত প্ৰশ্নকাকত লৈ যাব পাৰিব পৰীক্ষাৰ্থীয়ে । পৰীক্ষা আৰম্ভ হোৱাৰ সময়ত নিজৰ OMR Sheet পৰীক্ষা কৰাৰ লগতে পৰীক্ষাৰ অন্তত নিজৰ এইখন জমা দিয়া হ'ল নে নাই নিশ্চিত কৰিবলৈ সংবাদমেলত এছ এল আৰ চিৰ অধ্যক্ষগৰাকীয়ে আহ্বান জনায় । পৰীক্ষা শেষ হোৱাৰ পিছতে প্ৰশ্নকাকত লৈ যাব পাৰিব পৰীক্ষাৰ্থীয়ে । পৰীক্ষাৰ পিছত ৱেবচাইটত OMR Sheet আৰু উত্তৰসমূহ আপলোড কৰা হ'ব । চতুৰ্থ বৰ্গৰ পৰীক্ষাত OMR Sheetত নাম আৰু ফটো নাথাকে । কেৱল ৰোল নম্বৰহে উল্লেখ থাকিব । তেওঁ পুনৰ কয় যে মহিলা পৰীক্ষাৰ্থীক তালাচী চলোৱাৰ ক্ষেত্ৰত আশা-অংগনৱাড়ী কৰ্মীসকলক অতিৰিক্তভাৱে নিয়োগ কৰা হ'ব ।

বিশেষ ৰে'লৰ ব্যৱস্থা

ৰাজ্য়ৰ বিভিন্ন ঠাইত পৰীক্ষাৰ্থীসকল অহা-যোৱাৰ বাবে বিশেষ ৰে'লৰ ব্যৱস্থা থাকিব বুলি উল্লেখ কৰি এছ এল আৰ চিৰ অধ্যক্ষগৰাকীয়ে কয়,"বিশেষভাৱে সক্ষম প্ৰাৰ্থীসকলক প্ৰতি ঘন্টাত ২০ মিনিটকৈ অতিৰিক্ত সময় দিয়া হ'ব । ২৭ অক্টোবৰৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ দিনটোত ইণ্টাৰনেট কৰ্তনৰ ক্ষেত্ৰত এতিয়ালৈকে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা নাই ।"

ৰাজ্যজুৰি বন্ধ হ’ব মোবাইল সেৱা

আকৌ এবাৰ ৰাজ্যজুৰি বন্ধ হ’ব মোবাইল সেৱা । অহা ২৭ অক্টোবৰ হ’বলগীয়া ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পৰীক্ষাৰ বাবে অহা দেওবাৰে ৰাজ্যজুৰি বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা । অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ হৈ এক নিৰ্দেশনাযোগে এই কথা সদৰী কৰিছে অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে ।

এই পৰীক্ষাত অসৎ উপায় অৱলম্বন ৰোধৰ উদ্দেশ্যই ৰাজ্য চৰকাৰে ইণ্টাৰনেট বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । স্বচ্ছ আৰু মুক্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ স্বাৰ্থতে দেওবাৰে এইদৰে ৰাজ্যজুৰি ইণ্টাৰনেট কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই অনুসৰি অহা দেওবাৰে পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ ৰাজ্যজুৰি মোবাইল ইণ্টাৰনেট/ মোবাইল ৱাইফাই সেৱা/ মোবাইল ডাটা ছাৰ্ভিচ বন্ধ থাকিব ।

লগতে পঢ়ক:ADREৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে সাজু ! তাৰ পূৰ্বে জানি লওক নীতি-নিৰ্দেশনাবোৰ

Last Updated : Oct 25, 2024, 7:58 PM IST

ABOUT THE AUTHOR

...view details