অসম

assam

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 4:00 PM IST

ETV Bharat / state

নিৰ্মাণ হ'ব অসম গৌৰৱ পথ: কামপুৰত চলিছে প্ৰশাসনৰ উচ্ছেদ - Eviction in Kampur

Eviction in Kampur: কঠিয়াতলী-কামপুৰ হৈ ডবকালৈ অসম গৌৰৱ পথ নিৰ্মাণ কৰা হ'ব । যাৰ বাবে প্ৰশাসনে উক্ত স্থানত উচ্ছেদ আৰম্ভ কৰিছে । চৰকাৰী ভূমি দখল কৰা প্ৰায় ২০০ খন ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ কৰে প্ৰশাসনে ।

Eviction in Kampur
কামপুৰত চলিছে প্ৰশাসনৰ উচ্ছেদ (ETV Bharat)

বঢ়মপুৰ,১৭ আগষ্ট :অসম চৰকাৰৰ 'অসম গৌৰৱ আৰু অসম মালা আঁচনিৰ' অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথ নিৰ্মাণ কৰি থকা হৈছে । তাৰ অংশ হিচাপে নগাঁও জিলাৰ কঠিয়াতলী-কামপুৰ হৈ ডবকা সংযোগী পথ নিৰ্মাণৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে । যাৰ বাবে উক্ত পথটোত প্ৰশাসনে শনিবাৰে উচ্ছেদ আৰম্ভ কৰিছে । কামপুৰ বজাৰৰ মাজমজিয়াত প্ৰশাসনে পুৱাৰে পৰা উচ্ছেদ চলায় ।

কামপুৰত চলিছে প্ৰশাসনৰ উচ্ছেদ (ETV Bharat)

কামপুৰত উচ্ছেদ অভিযান :

চৰকাৰী ভূমি দখল কৰি থকা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু আন আন সম্পত্তিবোৰ উচ্ছেদ কৰা হয় । অৱশ্যে এই উচ্ছেদ অভিযানত প্ৰশাসনক পূৰ্ণ সহযোগিতা কৰে ব্যৱসায়ী তথা স্থানীয় লোকসকলে । উচ্ছেদৰ পূৰ্বেই নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সামগ্ৰীসমূহ স্থানান্তৰ কৰে ব্যৱসায়ীসকলে । আনহাতে উচ্ছেদৰ সময়ত যাতে কোনো উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে উচ্ছেদস্থলীত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হয় । উচ্ছেদৰ সময়ত প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকে । জানিব পৰা মতে এই অভিযানত প্ৰায় ২০০ৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ কৰা হ'ব ।

উচ্ছেদত ৰাইজৰ সহযোগিতা :

উচ্ছেদৰ সময়ত কামপুৰ ৰাজহ চক্ৰ বিষয়া অনন্যা লহকৰে কয়," কামপুৰৰ উন্নয়নৰ স্বাৰ্থত অসম গৌৰৱ আঁচনিৰ অধীনত নিৰ্মান হ'বলৈ গৈ আছে অসম গৌৰৱ পথ । যাৰ বাবে কামপুৰৰ বজাৰত চৰকাৰী ভূমি বেদখল কৰি থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ চৰকাৰী নীতি-নিয়মৰ মাজেৰে উচ্ছেদ কৰা হৈছে । এই উচ্ছেদ অভিযান আজিৰ ভিতৰতে শেষ কৰাৰ চেষ্টা চলোৱা হৈছে যদিও সম্পূৰ্ণ শেষ নোহোৱা পৰ্যন্ত উচ্ছেদ অব্যাহত থাকিব ।" ইফালে এই উচ্ছেদ অভিযানক সঁহাৰি জনোৱাৰ বাবে ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে কামপুৰবাসীক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক :সপোনৰ ঘৰখন বালি-পলসৰ তলত; জোনাইৰ এখন গাঁৱৰ ৫০ টা পৰিয়ালৰ হিয়াভগা বিননি - Assam Flood 2024

ABOUT THE AUTHOR

...view details