অসম

assam

দুধনৈত ধৰ্ষণ-হত্যাকাৰীৰ বাসগৃহত প্ৰশাসনৰ উচ্ছেদ অভিযান - Dudhnoi Rape and Murder case

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 4:51 PM IST

Updated : Jun 30, 2024, 5:42 PM IST

Eviction at accused residence: দুধনৈৰ ধৰ্ষণ আৰু হত্যাকাৰীৰ বাসগৃহত প্ৰশাসনৰ উচ্ছেদ অভিযান । মূল অভিযুক্ত ধন আলীসহ চাৰিগৰাকী অভিযুক্তৰ বাসগৃহত চলিল বুলড’জাৰ ৷ দীৰ্ঘদিন ধৰি চৰকাৰী ভূমিত বসবাস কৰি আছিল অভিযুক্তকেইটা ।

Eviction at accused residence
ধৰ্ষণ-হত্যাকাৰীৰ বাসগৃহত প্ৰশাসনৰ উচ্ছেদ অভিযান (ETV Bharat Assam)

গোৱালপাৰা, 30 জুন: গোৱালপাৰা জিলাৰ দুধনৈত সংঘটিত হোৱা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অভিযুক্তৰ ঘৰত চলিল প্ৰশাসনৰ বুলড’জাৰ ৷ হত্যাকাণ্ডৰ মূল অভিযুক্ত ধন আলী তালুকদাৰৰ লগতে বাহাৰ আলী, ৰহমান আলী, শ্বেকাবৰ আলী, পাৰমিনা বেগম আৰু ৰমজান আলীৰ ঘৰত দেওবাৰে প্ৰশাসনে উচ্ছেদ অভিযান চলায় ৷ গোৱালপাৰা আৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ সহযোগত বুলড’জাৰেৰ উচ্ছেদ অভিযান চলায় ।

ধৰ্ষণ-হত্যাকাৰীৰ বাসগৃহত প্ৰশাসনৰ উচ্ছেদ অভিযান (ETV Bharat Assam)

উল্লেখ্য যে যোৱা ৩ মে’ত দুধনৈত ৰংজালি বৈশাগুৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি ঘৰলৈ ওভতাৰ পথত দুগৰাকী কিশোৰীক ধৰ্ষণ কৰিছিল তিনি পাষণ্ড ধন আলী তালুকদাৰ, বাহাৰ আলী আৰু ৰহমান আলীয়ে । আনহাতে ৫ মে’ত ধৰ্ষণৰ ঘটনাৰ খবৰ ল’বলৈ যাওঁতে ধন আলী তালুকদাৰৰ ককায়েক শ্বেকাবৰ আলী, ভগ্নী পাৰমিনা বেগম আৰু ৰমজান আলীয়ে হিৰণ্ময় খাখলাৰীক হানি-খুচি আক্ৰমণ কৰাৰ পিচত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় হিৰণ্ময় খাখলাৰীৰ । হিৰণ্ময় খাখলাৰী নিহত হোৱাৰ লগতে আক্ৰমণত আন দুজন লোক আহত হৈছিল ।

লগতে পঢ়ক:হিৰণ্ময়‌ খাখলাৰীৰ হত্যাকাণ্ডৰ আন এক অভিযুক্তক গ্ৰেপ্তাৰ

উল্লেখযোগ্য যে, এই জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত ধন আলী তালুকদাৰ, ককায়েক শ্বেকাবৰ আলী আৰু বায়েক পাৰমিনা বেগমৰ বাসগৃহ, সহযোগী অভিযুক্ত বাহাৰ আলী, ৰহমান আলী আৰু ৰমজান আলী মুঠ চাৰিটা পৰিয়ালৰ বাসগৃহ আজি প্ৰশাসনে উচ্ছেদ কৰে । উক্ত পৰিয়াল চাৰিটাই অবৈধভাৱে চৰকাৰী ভূমি বেদখল কৰি বসবাস কৰি আছিল ।

ধন আলী তালুকদাৰে ইয়াৰ পূৰ্বে কেবাটাও অপৰাধজনিত ঘটনা সংঘটিত কৰা বুলি জানিব পৰা গৈছে । দেওবাৰে আৰক্ষী বাহিনীৰ শতাধিক লোক আৰু চি আৰ পি এফ বাহিনীৰ সহযোগত প্ৰশাসনে উচ্ছেদ অভিযান চলায় । কাৰ্যবাহী দণ্ডাধীশ তথা ৰাজহ চক্ৰ বিষয়াই জানিবলৈ দিয়া অনুসৰি টাঙাবাৰী গাঁৱত আৰু বহুলোকে চৰকাৰী ভূমি বেদখল কৰি বসবাস কৰি আছে ৷ তেওঁলোককো উচ্ছেদ কৰা হ’ব ।

লগতে পঢ়ক:হিৰণ্ময়‌ খাখলাৰীৰ হত্যাকাৰীক কঠোৰতম শাস্তি প্ৰদানৰ আশ্বাস মন্ত্ৰী ব্ৰহ্মৰ

Last Updated : Jun 30, 2024, 5:42 PM IST

ABOUT THE AUTHOR

...view details