অসম

assam

জাননী পোৱাৰ পিছতো নাহিলে চুমী বৰাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব: ডি জি পি - DGP Assam GP Singh

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 5:00 PM IST

DGP Assam GP Singh: অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ অভিযোগত অভিযুক্ত চুমী বৰা আৰু স্বামী তাৰ্কিক বৰাৰ সন্দৰ্ভত কোনো শুংসূত্ৰ লাভ কৰিব পৰা নাই অসম আৰক্ষীয়ে । ইফালে ছ’চিয়েল মিডিয়াত ব্যাপক হাৰত ভাইৰেল হৈছে চুমীৰ ফটো, ভিডিঅ’ তথা মিম । ইয়াৰ মাজতে আজি চুমী বৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷

DGP Assam GP Singh
চুমী বৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ (ETV Bharat Assam)

গুৱাহাটী ৭ ছেপ্টেম্বৰ:কোটি কোটি টকা আত্মসাৎ কৰি বিলাসী জীৱন কটোৱা বিশাল এতিয়া আৰক্ষীৰ জিম্মাত, আনহাতে চুমী বৰাক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । ছ’চিয়েল মিডিয়াত এতিয়া ট্ৰেণ্ডত আছে প্ৰৱঞ্চনাৰ অভিযোগত অভিযুক্ত চুমী । বিগত ৫ দিনে আৰক্ষীয়ে চুমী সন্দৰ্ভত কোনো সম্ভেদ লাভ কৰিবলৈ ব্যৰ্থ হোৱাক লৈ সমালোচনাৰ সন্মুখীন হৈছে অসম আৰক্ষী ৷

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং (ETV Bharat Assam)

ৰাজ্যৰ সৰ্বত্ৰে চৰ্চিত চুমী বৰা সন্দৰ্ভত শনিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে । আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয়, "আইনগতভাৱে চুমী বৰাক এখন জাননী দিয়া হৈছে । জাননীৰ পিছতো যদি নাহে, চুমী বৰাৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ’ব । তেওঁৰ বিৰুদ্ধে প্ৰমাণ পালে এক্সন লোৱা হ’ব ৷"

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে লগতে কয়, "নতুন আইন অনুসৰি তেওঁৰ বিৰুদ্ধে গোচৰ তৰিব পৰা যায় আৰু তেওঁক অভিযুক্ত কৰিব পাৰি ৷"

তেওঁ লগতে কয়, "চুমী বৰা বুলি নহয় X, Y, Z যিয়েই নহওক, তেওঁলোক আত্মসমৰ্পণ কৰিবই লাগিব আৰু তেওঁলোক আইনৰ আওতাত আহিবই লাগিব । এই গোচৰটো অসম আৰক্ষীয়ে নিজাববীয়াকৈ লৈছে । এইটো তদন্ত হৈছে এশ শতাংশ টেকনিকেল অনুসন্ধান । পইচা দিয়া মানুহ, কাৰ একাউণ্টত দিছে, কেনেকৈ দিছে, সেই একাউন্টৰ পৰা পইচা কি হৈছে, সেইবোৰ Oral Statement ৰ ওপৰত নিৰ্ভৰ নকৰে । যাৰ বিৰুদ্ধে যি তথ্য পোৱা যায় তেনেকৈ ব্যৱস্থা লোৱা হ’ব । X, Y, Z কোনোবা দুই-এজনৰ বাবে অনুসন্ধান বন্ধ হৈ নাযায় ।"

লগতে পঢ়ক:অনলাইন ট্ৰেডিং কাণ্ড: বিশাল-চুমীৰে ঘনিষ্ঠতা নাই দীপলীনাৰ, মানসিক কষ্ট হৈছে যতীন বৰাৰ - ONLINE TRADING SCAM

ABOUT THE AUTHOR

...view details