অসম

assam

ETV Bharat / state

জৰীপ নোহোৱা সহস্ৰাধিক গাঁৱৰ ৰাইজে বসুন্ধৰা ৩.০ৰ যোগেদি লাভ কৰিব ভূমিৰ স্বত্ব

Mission Bashundhara 3.0: মিছন বসুন্ধৰা ৩.০ৰ যোগেদি ভূমি সংক্ৰান্তীয় সমস্যা দূৰ কৰাৰ প্ৰয়াস । ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা ৩.০ ।

By ETV Bharat Assamese Team

Published : Oct 13, 2024, 9:25 PM IST

Above thousand villages of the state do not have land DAG numbers as there is no survey
বসুন্ধৰাৰ যোগেদি ভূমি সংক্ৰান্তীয় সমস্যা দূৰ কৰাৰ প্ৰয়াস (ETV Bharat Assam)

গুৱাহাটী,১৩ অক্টোবৰ: ৰাজ্য চৰকাৰে বসুন্ধৰা আঁচনিৰ যোগেদি খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিয়াৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে যদিও সহস্ৰাধিক গাঁৱৰ হাজাৰ হাজাৰ লোক কিন্তু বঞ্চিত হৈ আছে । ইয়াৰ কাৰণ হৈছে এই গাঁওসমূহৰ জৰীপ হোৱা নাই । লক্ষণীয় বিষয় যে চৰকাৰী আঁচনি বা হিতাধিকাৰী হ'বলৈ আৱশ্যকীয় প্ৰথম চৰ্তটোৱেই হ'ল ম্যাদী মাটি । প্রধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰাৰ পৰা বিভিন্ন আঁচনি পাবলৈ আৱশ্যক হয় মাটিৰ পট্টা ।

জৰীপ হোৱাৰ ৰাজহ গাঁৱত বাস কৰা লোকৰ মাটিৰ দাগ নম্বৰ থাকে, কিন্তু জৰীপ নোহোৱা গাঁৱৰ লোকৰ মাটিৰ হিচাপ-নিকাচ হোৱা নাই । যাৰ ফলত এনে গাঁৱত বাস কৰা লোকসকলৰ নাথাকে মাটিৰ দাগ নম্বৰ । শেহতীয়াকৈ ৮ অক্টোবৰত হোৱা কেবিনেট বৈঠকত ৰাজ্যৰ জৰীপ নোহোৱাকৈ থকা ১০৫২ খন গাঁৱৰ প্ৰসংগত উদ্যোগ গ্ৰহণ কৰা হয় । জৰীপ নোহোৱা গাঁওসমূহ জৰীপ কৰা হ'ব । মন্ত্রী কেশৱ মহন্তই সদৰী কৰা অনুসৰি ৮৬১ খন গাঁৱৰ জৰীপ কৰা হৈছে আৰু ৩০ খন গাঁৱৰ চেটেলমেণ্ট হৈছে । বাকীখিনি গাঁৱৰ জৰীপ শীঘ্ৰেই কৰা হ'ব । জৰীপ সম্পূৰ্ণ হ'লে সংশ্লিষ্ট সকলোৱে ভূমিৰ স্বত্ব লাভ কৰিব ।

মিছন বসুন্ধৰা ৩.০ (ETV Bharat Assam)

বসুন্ধৰাৰ যোগেদি ভূমি সংক্ৰান্তীয় সমস্যা দূৰ কৰাৰ প্ৰয়াস:

মাটি-বাৰীৰ হিচাপ, প্রকৃত গৰাকী কোন সেই বিষয়ে স্বাধীনতাৰ পাছৰে পৰা সমগ্ৰ ব্যৱস্থাটো বিশৃংখলিত ৰূপত আছিল । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ক্ষমতালৈ অহাৰ পাছতে ২০২১ চনৰ দুই অক্টোবৰৰ পৰা মিছন বসুন্ধৰা ১.০ আৰম্ভ কৰি ভূমি সম্পৰ্কীয় বিষয়বোৰৰ শৃংখলিত ৰূপ দিয়াৰ প্ৰচেষ্টা চলি আছে । মিছন বসুন্ধৰা ৩.০ অহা ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ'ব । ভূমি সম্পৰ্কীয় নিষ্পত্তিহীন হৈ পৰি থকা বিষয়বোৰ ক্ৰমান্বয়ে সমাধান কৰাৰ প্ৰচেষ্টা চলিছে যদিও বিশেষকৈ জনজাতীয় লোক বসতিপ্রধান বৃহৎসংখ্যক গাঁও জৰীপ নোহোৱাকৈ থকাত এই গাঁওসমূহত বাস কৰা লোকসকল বিভিন্ন চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে ।

জৰীপ নোহোৱাকৈ থকা গাঁৱৰ জৰীপ কাৰ্য আৰম্ভ:

উল্লেখ্য যে ৰাজ্যত জনবসতি থকা মুঠ গাঁৱৰ সংখ্যা ২৫,৩৭২খন । আনহাতে জৰীপ নোহোৱা গাঁৱৰ ভিতৰত সৰ্বাধিক ধেমাজি জিলাত আছে । জিলাখনৰ ১০৬খন গাঁৱৰ জৰীপ হোৱা নাই । ইয়াৰ পাছতে আছে লখিমপুৰ জিলা । জিলাখনত আছে ৯৯খন জৰীপ নোহোৱা গাঁও । বৰপেটা আৰু কাছাৰত জৰীপ নোহোৱাকৈ থকা গাঁৱৰ সংখ্যা ৪৯খন, বঙাইগাঁও, গোলাঘাট আৰু কৰিমগঞ্জত আছে ৫ খনকৈ গাঁও ।

জৰীপ নোহোৱাকৈ থকা গাঁৱৰ জৰীপ কাৰ্য আৰম্ভ (ETV Bharat Assam)

হাইলাকান্দিত ১৪খন আৰু ৩৯ খনকৈ জৰীপ নোহোৱা গাঁও আছে মাজুলী আৰু কামৰূপত । কামৰূপ মহানগৰত ৩৮খন, তিনিচুকীয়া জিলাত ৩২খন, নলবাৰী, নগাঁও আৰু গোৱালপাৰাত আছে এখনকৈ জৰীপ নোহোৱা গাঁও । এই জৰীপ নোহোৱা গাঁওসমূহ ৰাইজে বছৰ বছৰ ধৰি বাস কৰি আহিছে যদিও বাস কৰা মাটিৰ দাগ নম্বৰৰে সৈতে ৰাজ্যৰ ৰাজহ ব্যৱস্থাৰ মানচিত্ৰৰ বাহিৰত আছে ।

ৰাজ্যখনৰ ভূমি ব্যৱস্থাপনা আৰু ভূমি ৰাজহ ব্যৱস্থাত এক যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰিবলৈ অসমত মিছন বসুন্ধৰা ৩.০ অহা ১৯ অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব । মিছন বসুন্ধৰা ৩.০ত অনুসূচিত জাতি আৰু জনজাতিৰ সম্প্ৰদায়ৰ ১০০ শতাংশ বসতি থকা ৰাজহ গাঁওসমূহ সংৰক্ষণৰ আওতালৈ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ভূমি ব্যৱস্থাপনা আৰু অনুসূচিত জাতি আৰু জনজাতিৰ ১০০ শতাংশ বাসস্থান থকা ৰাজহ গাঁওসমূহৰ সংৰক্ষণ নিশ্চিত কৰাৰ ক্ষেত্ৰত মিছন বসুন্ধৰা ৩.০ৰ দ্বাৰা ব্যাপক পদক্ষেপ লোৱা হ'ব বুলি চৰকাৰে ঘোষণা কৰিছে ।

তিনিটা প্ৰজন্ম ধৰি বসবাস কৰা লোকসকলকহে মাটিৰ গৰাকী হিচাপে বিবেচনা কৰা হৈছিল, যাৰ ফলত ফলত চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকল ক্ষতিগ্ৰস্ত হৈছিল । মিছন বসুন্ধৰা ৩.০ ত চাহ জনগোষ্ঠী আৰু আদিবাসীসকলক ‘তিনিটা প্ৰজন্মৰ সংজ্ঞা’ৰ পৰা ৰেহাই দিব । গোৰ্খাসকলৰ বাবেও অনুৰূপ পদ্ধতি প্রযোজ্য হ'ব । একেদৰে ভূমিৰ অধিকাৰ লাভ কৰিব অনুসূচিত জাতি আৰু জনজাতিৰ লোকসকলে । আনহাতে বছৰ বছৰ ধৰি বাস কৰি অহাৰ পাছতো জৰীপ নোহোৱাৰ ফলত মাটিৰ হিচাপ নোহোৱাৰ বাবে মাটিৰ গৰাকী হ'ব নোৱৰা হাজাৰ হাজাৰ পৰিয়ালে এইবাৰ বসুন্ধৰা ৩.০ৰ যোগেদি ভূমিৰ স্বত্ব লাভ কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক:অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ সন্মানাৰ্থে ৰাজ্য চৰকাৰৰ উদ্যোগত ভাষা গৌৰৱ সপ্তাহ

মণ্ডপে মণ্ডপে পূজা উপভোগ মুখ্যমন্ত্ৰীৰ; বিসৰ্জনস্থলী পৰিষ্কাৰ কৰাৰ আহ্বান ৰাইজক

ABOUT THE AUTHOR

...view details