অসম

assam

ETV Bharat / state

'কা'ৰ বিৰুদ্ধে আছুৰ ৰণ হুংকাৰ : ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ - Protest Against CAA - PROTEST AGAINST CAA

Protest Against CAA : নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা'ৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ সদৌ অসম ছাত্ৰ সন্থাৰ । সোমবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত আছুৰ । 'কা' সন্দৰ্ভত অসম চৰকাৰৰ অধিসূচনাৰ প্ৰতিলিপি দাহ । 'কা আমি নামানো' শ্লোগানেৰে পুনৰ উত্তাল ৰাজ্য ।

Protest Against CAA
কাৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ উত্তাল প্ৰতিবাদ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 7:20 PM IST

নিউজ ডেস্ক, ১৬ জুলাই :ৰাজ্যজুৰি পুনৰ আৰম্ভ হৈছে 'কা'ৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদী কাৰ্যসূচী । অসমৰ বিভিন্ন জিলাৰ নেতৃত্বত মঙলবাৰে 'কা'বিৰোধী তীব্ৰ প্ৰতিবাদ আছুৰ । উজনি-নামনি সৰ্বত্ৰে আছুৰ প্ৰতিবাদ ।

কাৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ উত্তাল প্ৰতিবাদ (ETV Bharat Assam)

যোৰহাটত আছুৰ প্ৰতিবাদ

অসমৰ সাতখন জিলাৰ বাবে যদি 'কা' বেয়া হয়, তেন্তে বাকী জিলাৰ বাবে কিয় ভাল ? ইয়াৰ উত্তৰ লাগে যোৰহাট আছুক । ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ 'কা'বিৰোধী আন্দোলনৰ সমান্তৰালভাৱে যোৰহাট জিলা ছাত্ৰ সন্থায়ো জিলা আয়ুক্ত কাৰ্যালয় সন্মুখত 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । লগতে এই সন্দৰ্ভত অসম চৰকাৰে জাৰি কৰা অধিসূচনাৰ প্ৰতিলিপিও দাহ কৰে ।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক অৰ্জুন মণি ভুঞাই কয়, "অসম চৰকাৰে 'কা' বলৱৎ কৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে অসমলৈ অহা লোকসকলক বিদেশী ন্যায়াধীকৰণ আদালতলৈ নপঠিয়াবলৈ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, ইয়াৰ বিৰোধিতাৰে এই অধিসূচনাৰ প্ৰতিলিপি দাহ কৰা হৈছে । অসমৰ ৭ খন জিলাৰ বাবে যদি 'কা' বেয়া হয়, তেনেহ'লে বাকী জিলাকেইখনৰ বাবে কিয় ভাল সেয়া অসম চৰকাৰে স্পষ্ট কৰক ।"

তেওঁ লগতে কয় যে এজন এজনকৈ বাংলাদেশী মূলৰ লোক অসমলৈ আহি অসমৰ জনগাঁথনি সম্পূৰ্ণৰূপে সলনি কৰি পেলালে । আনহাতে, জাতি-মাটি-ভেটিৰ শ্লোগান দি ক্ষমতালৈ আহি চৰকাৰে পূৰ্বৰ প্ৰতিশ্ৰুতিৰ কথা পাহৰি পেলালে । এই আইনে সমগ্ৰ অসম চুক্তিখনকে ধূলিসাৎ কৰি পেলোৱা বুলিও মন্তব্য কৰে জিলা সম্পাদকগৰাকীয়ে ।

আনহাতে, 'কা'বিৰোধী প্ৰতিবাদৰ সমান্তৰালভাৱে আইনী যুঁজো চলাই যোৱাৰ অংগীকাৰ প্ৰদান কৰে যোৰহাট আছুৱে ।

অধিসূচনাৰ প্ৰতিলিপি দাহ কৰি সোণাৰিত আছুৰ তীব্ৰ প্ৰতিবাদ

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাজ্য চৰকাৰৰ সকলো মন্ত্ৰীয়ে 'কা' প্ৰয়োগৰ ফলত অসমৰ জনজীৱনৰ বাবে কোনো সমস্যা নহয় বুলি আশ্বাস প্ৰদান কৰিছে যদিও ৰাজ্যত 'কা'বিৰোধী প্ৰতিবাদে পুনৰ মূৰ দাঙি উঠিছে । কিয়নো শেহতীয়াকৈ অসম চৰকাৰে ‘কা’ বলৱৎ কৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অসমলৈ অহা লোকৰ নাগৰিকত্ব সম্পৰ্কীয় গোচৰ বিদেশী ন্যায়াধীকৰণলৈ নপঠিয়াবলৈ অধিসূচনা জাৰি কৰিছে ।

এই খবৰ ৰাজহুৱা হোৱাৰ পাচতেই ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা । যাৰ বাবে মঙলবাৰে 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে চৰাইদেউ জিলা ছাত্ৰ সন্থাই । 'কা'ৰ অধিসূচনা জ্বলাই সোণাৰি নগৰৰ মাজমজিয়াত প্ৰতিবাদ সাব্যস্ত কৰে চৰাইদেউ জিলা ছাত্ৰ সন্থাই ।

আনহাতে, সোণাৰিৰ ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাত আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হোৱাত এক উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয় । ৰাজ্য চৰকাৰে নাগৰিকত্ব সম্পৰ্কীয় গোচৰ বিদেশী ন্যায়াধীকৰণলৈ নপঠিয়াবলৈ যি অধিসূচনা জাৰি কৰিছে, তাক মানি লোৱা নহ'ব বুলিও প্ৰতিবাদকাৰী চৰাইদেউ জিলা ছাত্ৰ সন্থাই জনায় ।

ধেমাজিতো 'কা' বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ

একেদৰে মঙলবাৰে 'কা' বাতিলৰ দাবীত ধেমাজিতো পুনৰ ৰাজপথ উত্তাল কৰে আছুৱে ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ বাবে আইনী যুঁজ আৰু ৰাজপথৰ আন্দোলন সমানে চলাই নিয়াৰ হুংকাৰ দি সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই ধেমাজি সদৰত প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে অসম চৰকাৰে ‘কা’ বলৱৎ কৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অসমলৈ অহা লোকৰ নাগৰিকত্ব সম্পৰ্কীয় গোচৰ বিদেশী ন্যায়াধীকৰণলৈ নপঠিয়াবলৈ যি অধিসূচনা জাৰি কৰিছে, তাৰ প্ৰতিলিপি দাহ কৰি চৰকাৰ-বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক :‘কা’ বিৰোধী প্ৰতিবাদত উত্তাল ৰাজ্য : সৰ্বত্ৰে জ্বলিছে প্ৰতিলিপি - CAA implementaion in Assam
লগতে পঢ়ক :অসমৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অখিল গগৈৰ - Assam Flood 2024

ABOUT THE AUTHOR

...view details