অসম

assam

পশ্চিমবংগৰ নিৰ্বাচন জয়ৰ আশাতেই অসমত ৫ জনক শ্বহীদ কৰালে বিজেপিয়ে: উৎপল শৰ্মা

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 10:06 PM IST

Anti CAA Protest: নিৰ্বাচন আহিলেই বিজেপিৰ মন্ত্ৰী সকলে কা কা চিঞৰিবলৈ আৰম্ভ কৰে বুলি মন্তব্য আছুৰ সভাপতি উৎপল শৰ্মাৰ ৷ 2019 চনত কেৱল পশ্চিম বংগৰ লোকসভাৰ আসন কেইখন দখল কৰাৰ লক্ষ্যৰে বিজেপিয়ে সমগ্ৰ দেশত অশান্তি, অৰাজকতাৰ সৃষ্টি কৰিলে বুলিও কয় তেওঁ ৷

Anti CAA Protest
যোৰহাটত আছুৰ সভাপতি উৎপল শৰ্মা

'কা' বিৰুদ্ধে প্ৰতিক্ৰিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ

যোৰহাট, 7 ফেব্ৰুৱাৰী : 'কা' বিৰুদ্ধে পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই ৷ আজি যোৰহাটত উপস্থিত হৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰে আছুৰ সভাপতিজনে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই কয় যে, নাগৰিকত্ব সংশোধনী আইন বিজেপি চৰকাৰৰ ৰাজনৈতিক উপঢৌকনৰ বাহিৰে আন একো নহয় ৷ নিৰ্বাচন আহিলেই বিজেপিৰ মন্ত্ৰী সকলে কা কা বুলি চিঞৰিবলৈ আৰম্ভ কৰে, ৰাজনৈতিক ললিপপ দিবলৈ চেষ্টা কৰে বুলি কয় তেওঁ ৷

আছুৰ সভাপতিজনে লগতে কয় যে, 2019 চনত কেৱল পশ্চিম বংগৰ লোকসভাৰ আসন কেইখন দখল কৰাৰ লক্ষ্যৰে, কেৱল পশ্চিম বংগৰ লোকসভাৰ আসন কেইখনৰ লোভত সমগ্ৰ দেশত অশান্তি, অৰাজকতাৰ সৃষ্টি কৰিলে ৷ পশ্চিম বংগত লোকসভা নিৰ্বাচনত ভাল ফলাফল লাভ কৰিবৰ বাবে অসমত পাঁচজনকৈ নিৰীহৰ তেজেৰে ফাকু খেলিলে ৷ তেতিয়াৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে এই আইনৰ স্পষ্ট বিৰোধিতা কৰি আহিছে ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিষয়টো ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে বুলি উল্লেখ কৰি আছুৰ সভাপতিজনে কয় যে, এতিয়াও কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী সকলে কা বলবৎ কৰা হ’ব বুলি ঘোষণা কৰিবলৈ একেডোখৰ ঠাই অৰ্থাৎ পশ্চিম বংগকে বাচি লৈছে ৷ যদি বিদেশী সংস্থাপনৰ নামত কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন জাপি দিয়ে তেন্তে আছুৱে অসমবাসীক লৈ ৰাজপথৰ আন্দোলনৰ বাবে অগ্ৰসৰ হ'ব বুলিও মন্তব্য কৰে তেওঁ ৷

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আজি আছুৱে অনশন কাৰ্যসূচীৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে যোৰহাট জিলা ছাত্ৰ সন্থাই গ্ৰহণ কৰা অনশন কাৰ্যসূচীত উপস্থিত থাকি এই প্ৰতিক্ৰিয়া ব্যক্ত কৰে আছুৰ সভাপতি উৎপল শৰ্মাই ৷

লগতে পঢ়ক :মাতৃভাষা মাধ্যম বিতৰ্ক: সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী, নলবাৰী, মৰিগাঁৱত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details