বকো: ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ চমুকৈ ইছৰ'ৰ বাছনি পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ৪০ নম্বৰ ৰেংকিঙত নিৰ্বাচিত অংশুমান কলিতাক সম্বৰ্ধনা । বকোৰ ২নং ডাকুৱাপাৰাৰ বাসগৃহত উপস্থিত হোৱাৰ পিছত তেওঁক সম্বৰ্ধনা জনোৱা হয় । বকোৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা অংশুমান কলিতাক দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ সম্পাদক অজিত আলীসহ প্ৰতিনিধিৰ দল এটাই জাপি আৰু গামোচাৰে সম্বৰ্ধনা জনায় । বকো প্ৰেছ ক্লাবৰ তৰফৰ পৰাও তেওঁক শুভেচ্ছা জনোৱা হয় ।
বকোৰ সিচাপীঠ আঞ্চলিক হাইস্কুলৰ বিজ্ঞান শিক্ষক গকুল চন্দ্ৰ কলিতা আৰু অদিতি কলিতাৰ জ্যেষ্ঠ পুত্ৰ অংশুমান কলিতাই অহা ১৪ ফ্ৰেব্ৰুৱাৰীত ইছৰ'ৰ বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰত বৈজ্ঞানিক 'চি' হিচাপে যোগদান কৰিব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ।
ইছৰ'ত নৱনিযুক্ত বকোৰ অংশুমান কলিতাক আছুৰ সম্বৰ্ধনা (ETV Bharat Assam) আনহাতে, পৰিয়াল, আত্মীয়-স্বজন, ওচৰ-চুবুৰীয়াৰ উপস্থিতিত উৎসৱমুখৰ হৈ পৰা বাসগৃহত পিতৃ-মাতৃয়ে সংবাদ মাধ্যমক কয়, "জ্যেষ্ঠ পুত্ৰ অংশুমান কলিতাক শৈক্ষিক জীৱনত কোনো ধৰণৰ টিউচন বা কোচিং দিয়া হোৱা নাছিল ।" পঢ়া-শুনাৰ ক্ষেত্ৰত অত্যন্ত সজাগ আৰু মেধাৱী অংশুমান কলিতাই নিজৰ কঠোৰ শ্ৰম আৰু পাৰদৰ্শিতাৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈ পিতৃ-মাতৃক পৰম সন্তোষ আৰু আনন্দ প্ৰদান কৰি আহিছে ।
লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সাফল্যৰ বাতৰিসমূহ প্ৰকাশ হোৱা দেখিলে অংশুমানেও এনে সাফল্য কঢ়িয়াই বকোৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি দৃঢ় বিশ্বাস আছিল পিতৃ-মাতৃৰ ।
একেদৰে অংশুমান কলিতাই নিজৰ সপোন দিঠকত পৰিণত হোৱাত অত্যন্ত সুখী বুলি সংবাদ মাধ্যমৰ জৰিয়তে ব্যক্ত কৰি কয়, "পিতৃ-মাতৃ, শিক্ষাগুৰুৰ আশিস অবিহনে সম্ভৱপৰ নাছিল । কোনো ধৰণৰ অফলাইন কোচিং নোলোৱাকৈ মাজে-সময়ে ইউটিউব ভিডিঅ' পঢ়া-শুনা কৰিছিলো । ইছৰ'ত কাম কৰাৰ আশা এটা নথকা নহয়, আছিল ৷ ইতিমধ্যে মুম্বাইৰ ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্রৰ পৰা মই পদত্যাগ কৰিছো ৷" উল্লেখ্য যে অংশুমান কলিতা ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্রত কৰ্মৰত হৈ আছিল ।
অংশুমান কলিতাই শৈক্ষিক জীৱন আৰম্ভ কৰে বকোৰ ডনবস্ক' হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা । ইয়াৰ পিছত মহানগৰীৰ এছ বি অ' পাব্লিক স্কুলৰ পৰা ২০১৫ চনত ৯২ শতাংশৰ নম্বৰেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ সাই বিকাশ জুনিয়ৰ কলেজৰ পৰা ২০১৭ চনত ৮৯ শতাংশৰে উচ্চতৰ মাধ্যমিকত উৰ্ত্তীণ হয় ।
একেদৰে এন আই টি শিলচৰত মেকানিকেল ইঞ্জিনিয়াৰিঙত বিটেক কৰাৰ পাছত ভাৰত এলুমিনিয়ামত দুবছৰ ধৰি মেকানিকেল ইঞ্জিনীয়াৰিঙৰ চাকৰি কৰে ।
ইয়াৰ পাছত চৰকাৰী চাকৰিৰ আশাত বাসগৃহলৈ উভতি আহি 'গে'ট' পৰীক্ষা দি সৰ্বভাৰতীয় পৰ্যায়ত ৩২ নম্বৰ ৰেংকিঙত বাছনি হয় । ক্ৰমাগতভাৱে সৰ্বভাৰতীয় পৰ্যায়ত ২ নম্বৰ ৰেংকিঙত বাছনি হৈ ভাবা পাৰমাণবিক গৱেষণা কেন্দ্ৰত বিগত ছমাহ ধৰি বৈজ্ঞানিক বিষয়া হিচাপে যোগদান কৰি চাকৰি কৰি থকা সময়তে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ বাছনি পৰীক্ষাত পুনৰ সৰ্বভাৰতীয় পৰ্যায়ত ৪০ নম্বৰ ৰেংকিঙত উত্তীৰ্ণ হৈ বৈজ্ঞানিক 'চি' হিচাপে বাছনি হয় ।