অসম

assam

জনজাতিকৰণ, ভূমি পট্টা, মজুৰি বৃদ্ধিৰ দাবীৰে আছাৰ প্ৰতিবাদ - Protest in Lakhimpur

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 10:53 PM IST

AASAA hold protest: সোমবাৰে ৰাজ্যজুৰি প্ৰতিখন জিলা সদৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে আদিবাসী ছাত্ৰ সন্থাই । লখিমপুৰতো জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আছাৰ লখিমপুৰ জিলা সমিতিয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল পৰিবেশৰ সৃষ্টি কৰে ।

AASAA hold protest
আছাৰ ধৰ্ণা কাৰ্যসূচী (ETV Bharat Assam)

লখিমপুৰ, ২ ছেপ্টেম্বৰ: লখিমপুৰত আদিবাসী ছাত্ৰ সন্থাৰ ধৰ্ণা । সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ নিৰ্দেশ ক্ৰমে সোমবাৰে ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জিলা সমিতিসমূহে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । আদিবাসীসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত এই ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে আছাই । ৰাজ্যৰ অন্যান্য জিলাৰ লখিমপুৰতো জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আছাৰ লখিমপুৰ জিলা সমিতিয়ে ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে ।

আছাৰ ধৰ্ণা কাৰ্যসূচী (ETV Bharat Assam)

আদিবাসীসকলক ভূমি পট্টা প্ৰদান কৰক, উই ৱান্ট জাষ্টিচ, বিজেপি হুছিয়াৰ আদি শ্ল’গান দি তেওঁলোকে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল পৰিবেশ সৃষ্টি কৰে । তেওঁলোকে সংবিধান (অনুসূচিত জনজাতি) সংশোধনী বিধেয়ক ২০১৯ অনুসৰি আদিবাসীসকলক অনুসূচিত জনজাতিৰ স্বীকৃতি প্ৰদান কৰা, ভূমিৰ পট্টা প্ৰদান কৰা, আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ সংশোধন কৰি স্বায়ত্তশাসিত পৰিষদ গঠন কৰা, বনাঞ্চল আইন ২০০৬ অনুসৰি বনাঞ্চল গাঁৱত বসবাস কৰা আদিবাসী সকলক ভূমিৰ পট্টা প্ৰদান কৰা, অসমত বসবাস কৰা চাহ জনগোষ্ঠীৰ লোকসকলক আদিবাসী হিচাপে জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰা আদি দাবীত এই ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে ৷

আছাৰ লখিমপুৰ জিলা সমিতিৰ নেতৃত্বই ক্ষোভ প্ৰকাশ কৰি কয় বিগত সময়ত ক্ষমতালৈ আহিলে ছমাহৰ ভিতৰত আদিবাসীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হ’ব বুলি বিজেপিৰ নেতৃত্বই দিয়া প্ৰতিশ্ৰুতি পাহৰি গ’ল । এতিয়া যদি অনতি পলমে চৰকাৰে এনে দাবীসমুহ পূৰণ নকৰে তেন্তে আছাই আদিবাসী ৰাইজক লগত লৈ ইয়াতকৈও শক্তিশালী আন্দোলন আৰম্ভ কৰিব ।

এই ধৰ্ণা কাৰ্যসূচীত আছাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি অবিৰাম তপ্ন, সম্পাদক ডেভিড মালী আদিৰ লগতে শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে । ধৰ্ণাৰ অন্তত তেওঁলোকে জিলা আয়ুক্তৰ জৰিয়তে তেওঁলোকৰ দাবীসমুহ পূৰণৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়, জনজাতি পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম আদিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:সুৰক্ষা লাগে খিলঞ্জীয়াৰ: ডিব্ৰুগড়ত ৩২ টাকৈ সংগঠনৰ গণবিক্ষোভ - Protest in Dibrugarh

আৰক্ষীৰ বাধা নেওচি ওলাই আহিল হাজাৰ হাজাৰ চাহ-আদিবাসী, চৰকাৰক নিৰ্বাচনত প্ৰত্য়ুত্তৰ দিবলৈ সাজু - Tea tribe union protest

ABOUT THE AUTHOR

...view details