তেজপুৰ/নলবাৰী/লখিমপুৰ , ২২ মাৰ্চ :আম আদমী পাৰ্টীৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে বিজেপিয়ে ষড়যন্ত্ৰ কৰাৰ অভিযোগৰে দেশজুৰি আম আদমী পাৰ্টীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শুকুৰবাৰে নলবাৰী, লখিমপুৰ আৰু তেজপুৰতো আম আদমী পাৰ্টীৰ কৰ্মকৰ্তাসকলে প্ৰতিবাদেৰে আকাশ বতাহ মুখৰিত কৰি তুলিছে ৷
নলবাৰী জিলাৰ আপৰ কৰ্ম-কৰ্তাসকলে চহৰৰ হৰিমন্দিৰ চ'কত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় আম আদমী পাৰ্টীৰ কাৰ্যকৰ্তাসকলে ।
ইফালে তেজপুৰ ক’ৰ্ট চাৰিআলিত প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰোধী বিভিন্ন শ্লোগেনেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷ দেশৰ আইন-শৃংখলা আৰু গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা বুলি উল্লেখ কৰি আপৰ সমৰ্থকসকলে বিজেপিয়ে ই ডিক অস্ত্ৰ হিচাবে ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপিত কৰে ।
আনহাতে লখিমপুৰ জিলাতো আপৰ লখিমপুৰ জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে । লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আম আদমী পাৰ্টী আৰু ৰাইজৰ দলৰ জাতীয় যুৱ বাহিনীয়ে এই প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰে।