অসম

assam

ডিব্ৰুগড়ত আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ মনোনয়ন পত্ৰ দাখিল - Lok sabha election 2024

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 5:39 PM IST

Lok sabha election 2024: বুধবাৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে আম আদমী পাৰ্টীৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে ।

AAP candidate Manoj Dhanwar files nomination papers in Dibrugarh
ডিব্ৰুগড়ত আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ মনোনয়ন পত্ৰ দাখিল

ডিব্ৰুগড়ত আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ মনোনয়ন পত্ৰ দাখিল

মৰাণ, 27 মাৰ্চ : অসমত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে মঙলবাৰে শাসকীয় দল বিজেপি, কংগ্ৰেছকে ধৰি কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে । ৫ টাকৈ লোকসভা সমষ্টিৰ শাসক-বিৰোধীৰ মনোনয়ন দাখিলৰ সমান্তৰালকে বুধবাৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে আম আদমী পাৰ্টীৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে । ডিব্ৰুগড় লোকসভা সমষ্টিৰ আম আদমী পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে বৃহৎ ৰেলী উলিয়াই মনোনয়ন পত্ৰ দাখিল কৰে ।

চহৰখনৰ উপকন্ঠ অঞ্চল নিৰ্মালী গাঁৱৰ ৰাজহুৱা খেলপথাৰৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ উলিওৱা ৰেলীত কেইবা হাজাৰ লোকৰ উপস্থিতিত ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে মনোনয়ন পত্ৰ দাখিল কৰে । মনোনয়ন পত্ৰ দাখিলৰ সময়ত আপৰ উত্তৰ-পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাকে ধৰি কেইবাজনো কেন্দ্ৰীয় সমিতিৰ নেতা উপস্থিত থকা পৰিলক্ষিত হয় । মুঠৰ ওপৰত বিজেপি আৰু বিৰোধী ঐক্য মঞ্চৰ পাচতে ডিব্ৰুগড়ৰ ৰাজপথত দলীয় সমৰ্থকৰ শক্তি প্ৰদৰ্শন কৰি মনোনয়ন পত্ৰ দাখিল কৰিলে ডিব্ৰুগড় লোকসভা সমষ্টিৰ আম আদমী দলৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে।

উল্লেখযোগ্য যে, মঙলবাৰে ডিব্ৰুগড় সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিছিল বিজেপিৰ সৰ্বানন্দ সোণোৱাল আৰু অজাপৰ লুৰীণজ্যোতি গগৈ ৷ এই দুয়ো প্ৰাৰ্থীৰ মাজতেই মাজতে যুঁজ‌ হ'ব বুলি ৰাজনীতিক বিশেষজ্ঞসকলে পূৰ্বানুমান কৰিছে । তেনেক্ষেত্ৰত মনোজ ধানোৱাৰৰ ভূমিকা এই ভোটযুদ্ধত কেনে হয় সেয়াও চাবলগীয়া হ'ব ৷ ইপিনে বৰ্তমানৰ সাংসদ তথা বিজেপিৰ যোৰহাটৰ প্ৰাৰ্থী তপন গগৈৰ বিৰুদ্ধে গৌৰৱ‌‌ গগৈয়ে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি ৰাজনৈতিক মহলত চৰ্চা হৈছে ।

লগতে পঢ়ক:শাসক-বিৰোধীৰ শক্তিশালী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল - LOK SABHA ELECTION 2024

ABOUT THE AUTHOR

...view details