ডিব্ৰুগড়:ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে মহিলা তথা সন্ধানহীন হোৱাৰ ঘটনা । ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুৰুষ, মহিলা, যুৱতী সন্ধানহীন হোৱা ঘটনাই সচেতন ৰাইজৰ মাজত উদ্বেগ সৃষ্টি কৰিছে । বিশেষকৈ ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ পৰা প্ৰতিদিনে সন্ধানহীন হৈছে যুৱতী-মহিলা । তেনে সময়তে ডিব্রুগড়ৰ চাবুৱাত একেটা পৰিয়ালৰ পৰাই একেদিনাই সন্ধানহীন দুই যুৱতী ।
চাবুৱাৰ গৰু বজাৰৰ নিজ বাসগৃহৰ পৰা বৃহস্পতিবাৰৰ পৰা নিৰুদ্দেশ দুইগৰাকী যুৱতী। বৃহস্পতিবাৰৰ পুৱতি নিশাৰ পৰা নিৰুদ্দেশ নেহা কৰ্মকাৰ আৰু নিকিতা কৰ্মকাৰ নামৰ যুৱতী দুগৰাকী । ইতিমধ্যে চাবুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে । পৰিয়ালে জানিবলৈ দিয়া অনুসৰি বৃহস্পতিবাৰৰ পুৱতি নিশা দুয়োগৰাকী যুৱতী নিজৰ কাপোৰ, বাকচত থকা কিছু টকা আৰু এটা ম'বাইল ফোন লৈ সন্ধানহীন হয় ।
ইয়াৰ পাছতে দিনৰ ভাগত ঘৰলৈ ফোন কৰি ৰে'লত গৈ থকা বুলি জনাই যদিও ক'ত গৈছে সেই কথা পৰিয়ালক অৱগত নকৰিলে যুৱতী দুজনীয়ে । ইয়াৰ পাছতে ফোন বন্ধ কৰি দিয়ে যুৱতী দুগৰাকীয়ে । দুইগৰাকী যুৱতী মানৱ সৰবৰাহকাৰী চক্ৰৰ কৱলত পৰাৰ সন্দেহ পৰিয়ালৰ লগতে অঞ্চলটোৰ ৰাইজৰ ।
দুটি সন্তানৰ এগৰাকী মাতৃ নিৰুদ্দেশ: