অসম

assam

ETV Bharat / state

পথৰ ওপৰতে গজৰাজে বগৰালে চলন্ত বাহন: কথমপি প্ৰাণৰক্ষা চালকৰ - ELEPHANT ATTACKS IN GUWAHATI

সাতগাঁও সেনা শিবিৰৰ ৰাজপথত বনৰীয়া হাতীৰ বিচৰণ ৷ পথৰ ওপৰত গজৰাজে বগৰাই দিলে এখন চলন্ত বাহন ৷

Elephant Attacks And Overturns Vehicle In Guwahati
গজৰাজে বগৰালে চলন্ত বাহন (ETV Bharat)

By ETV Bharat Assamese Team

Published : Feb 11, 2025, 2:25 PM IST

গুৱাহাটী : ৰাজ্যত অবাধে চলিছে বন ধ্বংসযজ্ঞ ৷ যাৰ পৰিণতিত ক্ৰমাৎ সংকুচিত হৈ আহিছে বন্য জীৱ-জন্তুৰ খাদ্য আৰু বিচৰণস্থলী । ফলত খাদ্যৰ সন্ধানত প্ৰায়ে বন্য জীৱ-জন্তুৱে বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰিবলৈ ধৰিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ কোনো কোনো অঞ্চলত স্থানীয় ৰাইজে ভয়-শংকাৰ মাজেৰে সময় পাৰ কৰিবলগা পৰিস্থিতি আহি পৰিছে ৷

শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ গুৱাহাটী মহানগৰীৰ কিছু প্ৰান্তত বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ ৷ বিশেষকৈ আমছিং অভয়াৰণ্যৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে সাতগাঁও সেনা শিবিৰত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰি আহিছে ।

গজৰাজে বগৰালে চলন্ত বাহন (ETV Bharat)

মঙলবাৰে পুৱাৰ ভাগত খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীয়ে সেনা শিবিৰৰ ৰাজপথতে বগৰাই দিয়ে সামগ্ৰী কঢ়িয়াই অনা এখন বাহন । বনৰীয়া হাতীটোৱে বাহন বগৰাই দিয়াৰ ভিডিঅ’ বৰ্তমান ভাইৰেল হৈ পৰিছে ৷

উক্ত ভিডিঅ’টোত দেখা অনুসৰি, আমছিং যোৰাবাটৰ পৰা সাতগাঁও -নাৰেংগী অভিমুখে আহি আছিল এখন মালভৰ্তি অ'টো ভেন ৷ সেই সময়ত বনৰীয়া হাতীটো ৰাজপথতে আহ-যাহ কৰি আছিল ৷ সেয়ে অ'টো ভেনখনৰ চালকজনে সুৰুঙা বুজি ৰাস্তাটো পাৰ কৰিবলৈ চেষ্টা চলাওতেই বাহনখনক হাতীটোৱে আগচি ধৰে ।

তাৰ পিছতে হাতীটোৱে নিজৰ শুৰডালেৰে অ’টো ভেনখন বগৰাই দিয়ে । ইফালে বনৰীয়া হাতীটোৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ অ‘টো ভেনখনৰ চালকজনে কোনোমতে জঁপিয়াই প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় ৷

মন কৰিবলগীয়া কথা এই যে খাদ্যৰ সন্ধানত আমছিং অভয়াৰণ্যৰ ওলাই অহা বন্যহস্তীয়ে প্ৰায়ে সাতগাঁও অঞ্চলত মুক্ত বিচৰণ কৰা পৰিলক্ষিত হয় । আনকি সাতগাঁৱৰ ৰাজপথত বিচৰণ কৰা বনৰীয়া হাতীক মানুহে মুক্তমনে ফল-মূল বা অন্যান্য খাদ্য দিয়াৰ পিছতো কাকো অনিষ্ট কৰা পৰিলক্ষিত হোৱা নাই ।

তাৰ মাজতে আমছিং অভয়াৰণ্যৰ পৰা ওলাই অহা দুই-এটা বন্যহস্তীয়ে সঘনাই সাতগাঁও অঞ্চলত উপদ্ৰৱ কৰি মানুহৰ মাজত আতংকৰ সৃষ্টি কৰি আহিছে । ইফালে মঙলবাৰে পুৱাই বনৰীয়া হাতীটোৱে সামগ্ৰী কঢ়িয়াই অনা বাহনত আক্ৰমণ কৰাৰ পিছতে সেনা বাহিনী তথা যান-বাহন আৰক্ষীয়ে কিছু সময়ৰ বাবে উক্ত পথছোৱাৰে যান-বাহনৰ চলাচলত বাধা আৰোপ কৰে ৷

তাৰোপৰি সাধাৰণ নাগৰিকক সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনায় ৷ অৱশ্যে স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হোৱা বন বিভাগৰ দলে বনৰীয়া হাতীটোক কোনোমতে সেই স্থানৰ পৰা আঁতৰাই আমচাং অভয়াৰণ্যৰ ফালে খেদি পঠিয়াবলৈ সক্ষম হয় ৷

লগতে পঢ়ক:১২বছৰৰ অন্তত নামদফা ৰাষ্ট্ৰীয় উদ্যানত দৃশ্যমান হাতীৰ অৱস্থিতি

ABOUT THE AUTHOR

...view details