গুৱাহাটী, ৩ জুন:কৃত্ৰিম বানৰ কবলত পৰিছে গুৱাহাটী মহানগৰী । দেওবাৰে নিশাৰে পৰা হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ প্ৰায়ভাগ অঞ্চলত উদ্ভৱ হয় কৃত্ৰিম বানৰ । ইয়াৰ লগতে কেতবোৰ স্থানত ভূমিস্খলন হোৱাৰো খবৰ পোৱা গৈছে ৷ তাৰ মাজতে আহিছে দুটা অঘটনৰ খবৰ ৷
বশিষ্ঠৰ বাহিনী নৈত উটি গ’ল শিশু: গুৱাহাটী মহানগৰীৰ বশিষ্ঠত বাহিনীৰ নৈৰ সোঁতত উটি গ’ল এটি ছবছৰীয়া কন্যা শিশু ৷ নিজৰ ভগ্নীৰ সৈতে জাবৰ পেলাবলৈ আহোঁতেই নৈখনৰ সোঁতে উটুৱাই নিশে কন্যা শিশুটি ৷ অৱশ্যে স্থানীয় লোকৰ সহযোগত শিশুটিক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীও ৷
লগতে পঢ়ক:ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি, ৫.৩৫ লক্ষাধিক লোক বানৰ কৱলত - Assam Flood
ভূমিস্খলনত প্ৰাণ গ’ল কিশোৰৰ: মহানগৰীৰ কটাহবাৰীত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো । নিশা হোৱা ধাৰাসাৰ বৰষুণৰ পিচতেই কটাহবাৰীৰ নিজৰাপাৰাত সংঘটিত হয় ভূমিস্খলন ৷ এখন গাৰ্ড ৱাল খহি শোৱাপাটীতে হেঁচা মাৰি ধৰে এটি কিশোৰক ৷ ফলত নিহত হয় চাহিল হুছেইন নামৰ কিশোৰজনৰ ৷ তেওঁৰ মাতৃয়ে জনোৱা মতে, চাহিল পুৱা শোৱাৰ পৰা উঠিছিল যদিও স্কুললৈ নাযাওঁ বুলি পুনৰ শুই পৰে ৷ তাৰ কিছু সময়ৰ পিচতে গাৰ্ড ৱাল খহি হেঁচা মাৰি ধৰে চাহিলক ৷ স্থানীয় লোকে তেওঁক ধ্বংসাৱশেষৰ মাজৰ পৰা উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷