অসম

assam

ETV Bharat / state

অপৰাধত জড়িত প্ৰাক্তন কংগ্ৰেছীৰ নেতৃত্বত কংগ্ৰেছ নেতাৰ বাহনত আক্ৰমণ: নুৰুল হুদা

আৰক্ষী অধীক্ষকৰ কাষ চাপিল সাংসদ ৰকিবুল হুছেইনৰ নেতৃত্বত বিধায়কৰ এটা দল । পৰিকল্পিতভাৱে চামগুৰিত কংগ্ৰেছ বিধায়কক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ ।

By ETV Bharat Assamese Team

Published : 6 hours ago

CLASH IN SAMAGURI
চামগুৰিৰ উপ-নিৰ্বাচনকেন্দ্ৰিক হিংসা (ETV Bharat Assam)

নগাওঁ, ১৬ অক্টোবৰ: মঙলবাৰে বিয়লি নিৰ্বাচন আয়োগে অসমৰ পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ প্ৰাকমুহূৰ্তত চামগুৰি বিধানসভা সমষ্টিত উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছ-বিজেপি কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ আজিও অব্যাহত আছে প্ৰতিক্ৰিয়া । মঙলবাৰে চামগুৰি সমষ্টিৰ শিঙিমাৰীত কংগ্ৰেছৰ ৰেলীত সংঘটিত হোৱা আক্ৰমণৰ ঘটনাত বিজেপি কৰ্মী জড়িত থকা বুলি কংগ্ৰেছৰ একাংশই দাবী কৰাৰ বিপৰীতে কংগ্ৰেছৰ নেতৃত্বতেই সংঘাতৰ সৃষ্টি কৰা বুলি বিজেপি বিধায়ক জিতু গোস্বামীৰ লগতে বিজেপি নেতা ডিপ্লুৰঞ্জন শৰ্মাই মন্তব্য কৰাৰ পাছত সমগ্ৰ ঘটনা সন্দৰ্ভত বিজেপিৰ বিৰুদ্ধে অভিযোগৰ আঙুলি তুলি সুৰক্ষা বিচাৰি নগাঁও আৰক্ষী অধীক্ষকৰ কাষ চাপে সাংসদ ৰকিবুল হুছেইনৰ নেতৃত্বত কংগ্ৰেছ বিধায়কৰ এটা দল ।

মঙলবাৰে সন্ধিয়া নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ কংগ্ৰেছৰ ৰেলীত আক্ৰমণ কৰা ঘটনাত জড়িত দোষীক কৰায়ত্ত কৰাৰ দাবী জনাই আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দাখিল কৰে ৰকিবুল হুছেইনৰ নেতৃত্বত যোৱা কংগ্ৰেছ বিধায়কৰ দলটোৱে । আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰাৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰকিবুল হুছেইনৰ লগতে বিধায়ক নুৰুল হুদা আৰু বিধায়িকা শিবামণি বৰাই ।

আৰক্ষী থানাত গোচৰ ৰুজু (ETV Bharat Assam)

বিধায়ক নুৰুল হুদাৰ প্ৰতিক্ৰিয়া:

মঙলবাৰে চামগুৰি সমষ্টিৰ শিঙিমাৰীত কংগ্ৰেছীৰ বাহনত আক্ৰমণৰ ঘটনা প্ৰাক্তন কংগ্ৰেছীৰ নেতৃত্বত সংঘটিত হোৱা বুলি দাবী কৰে ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাই । মজিবুৰ ৰহমান নামৰ এজন প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমানৰ ন-বিজেপি নেতাৰ বাসগৃহৰ পৰাই ওলাই অহা ৪০-৫০ জনীয়া এটা দলে হাতে হাতে দা, লাঠি আদি লৈ কংগ্ৰেছ নেতা-কৰ্মীৰ বাহনত অতৰ্কিত আক্ৰমণ আৰম্ভ কৰা বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে কৰে বিধায়ক নুৰুল হুদাই । আক্ৰমণৰ ঘটনাত চোৰ, ডকাইতসহ হত্যাৰ অভিযোগত কেইবাটাও অভিযুক্ত জড়িত থকা বুলি কৰে বিধায়ক নুৰুল হুদাই । আনকি পৰিকল্পিতভাৱেই কংগ্ৰেছ বিধায়কৰ দলটোৰ ওপৰত তালিবানী প্ৰক্ৰিয়াৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা কৰা বুলিও অভিযোগ কৰে বিধায়ক নুৰুল হুদাই ।

সাংসদ ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া:

ৰাজ্যৰ পাঁচটাকৈ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ দিনাই নিজৰ সুৰক্ষা বিচাৰি আৰক্ষী অধীক্ষকৰ কাষ চাপিবলগীয়া এক পৰিস্থিতিৰ সৃ্ষ্টি হোৱা উল্লেখ কৰি শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ সন্মুখত সোচ্চাৰ হৈ পৰে প্ৰাক্তন মন্ত্ৰী তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন । কেইদিনমান পূৰ্বে জেল-হাজোতৰ পৰা ওলাই অহা অপৰাধীৰ দ্ধাৰা আক্ৰমণৰ ঘটনা সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰে হুছেইনে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰৰ প্ৰতি অতিষ্ঠ হৈ ৰাইজ কংগ্ৰেছমুখী হোৱা বাবেই পৰিকল্পিতভাৱে কংগ্ৰেছৰ বাহনত আক্ৰমণ কৰাৰ অভিযোগ সাংসদগৰাকীৰ । আনকি চামগুৰিত সংঘটিত হোৱা আক্ৰমণৰ ঘটনাৰ এটা দিন পূৰ্বেই চামগুৰি পৰিদৰ্শন বঙলাত কংগ্ৰেছীৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা ৰচনা কৰা বুলিও বিস্ফোৰক অভিযোগ উত্থাপন কৰে সাংসদ ৰকিবুল হুছেইনে । সম্প্ৰতি অসমৰ ৯৯.৯ শতাংশ আৰক্ষীয়েই ভাল বুলিও উল্লেখ কৰি চামগুৰিত এতিয়া জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত সাঙুৰ খাই বদলি হোৱা আৰক্ষী বিষয়াক পুনৰ চামগুৰিত নিয়োগ কৰাক লৈয়ো তীব্ৰ অসন্তষ্টি প্ৰকাশ কৰে ৰকিবুল হুছেইনে ।

বিধায়িকা শিৱামণি বৰাৰ প্ৰতিক্ৰিয়া:

চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ৰণশিঙা বজোৱাৰ উদ্দ্যেশ্যে মঙলবাৰে চামগুৰিত উপস্থিত হোৱা সাতজনীয়া বিধায়কৰ এটা দলৰ ওপৰত অতৰ্কিত আক্ৰমণ চলোৱা বুলি মন্তব্য কৰে বিধায়িকা শিৱামণি বৰাই । চাৰিওফালৰ পৰা আহি ধৰ-মাৰ বুলি কৈ প্ৰকাণ্ড বাঁহেৰে বিধায়িকাগৰাকীৰ লগতে চাৰি-পাঁচগৰাকী বিধায়কৰ বাহনত চাৰিওফালৰ পৰা আক্ৰমণ কৰা বুলি সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰি জীৱনক লৈ শংকিত হৈ পৰা বুলি মন্তব্য কৰে বিধায়িকা শিৱামণি বৰাই । আনকি ঘটনাস্থলীত উপস্থিত থকা আৰক্ষীয়েও বিধায়কৰ দলটোক কোনো ধৰণৰ নিৰাপত্তা প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে বিধায়িকা শিৱামণি বৰাই । উল্লেখ্য যে, মঙলবাৰে চামগুৰিত সংঘটিত হোৱা নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ পাছত সমষ্টিটোত প্ৰতিটো নিৰ্বাচনতেই এনে ঘটনা সংঘটিত হৈ অহা বুলি সৰ্বত্ৰে আৰম্ভ হৈছে চৰ্চা ।

লগতে পঢ়ক:বেনাৰ পোষ্টাৰ ফালি-বাহন ভাঙি দুই দলৰ সমৰ্থকে ৰাজপথক সজালে ৰণক্ষেত্ৰ

ABOUT THE AUTHOR

...view details