অসম

assam

ETV Bharat / state

আধ্যাত্মিকতাক এতিয়াও ধৰি ৰাখিছে বকুলৰ দুৰ্গা পূজা কমিটীয়ে

Dibrugarh exceptional Puja: আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ শাসনকালৰ পৰাই পৰম্পৰাগতভাৱে দুৰ্গা পূজাৰ আয়োজন ডিব্ৰুগড়ৰ বকুলত ।

By ETV Bharat Assamese Team

Published : 6 hours ago

Dibrugarh Puja
আধ্যাত্মিকতাক এতিয়াও ধৰি ৰাখিছে বকুলৰ দুৰ্গা পূজা কমিটীয়ে (ETV Bharat)

ডিব্ৰুগড়, ৮ অক্টোবৰ :ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে দুৰ্গা পূজাক লৈ ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । ষষ্ঠীৰ পৰা দশমী লৈ আধ্যাত্মিকতাৰে দেৱীৰ পূজা অৰ্চনা কৰিবলৈ সাজু হৈছে সকলো । ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যতিক্ৰমী পূজা মণ্ডপেৰে ভক্তৰ দৃষ্টি আকৰ্ষণৰো প্ৰচেষ্টা চলাইছে পূজা কমিটীসমূহে । অৱশ্যে তাৰ মাজতে বহু এনে দুৰ্গা পূজা কমিটীও আছে যিয়ে আধ্যাত্মিকতাক ম্লান পৰিবলৈ দিয়া নাই । জাকজমকতাক একাষৰীয়া কৰি তেওঁলোকে পৰম্পৰা অনুসৰি দেৱী দুৰ্গাৰ পূজা অৰ্চনা কৰিছে । তেনে এখন পূজা হৈছে ডিব্ৰুগড়ৰ লাহোৱালৰ বকুলৰ দুৰ্গা পূজা ।

আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ শাসনকালতে ডিব্ৰুগড়ত প্ৰাণ পাই উঠিছিল এই বকুল দুৰ্গা পূজা । লোক বিশ্বাস আৰু পূজা কমিটীয়ে দাবী কৰা মতে উজনি অসমৰ অন্যতম প্ৰসিদ্ধ এই পূজাত বহু বছৰ পূৰ্বে দিয়া হৈছিল নৰ বলি ! সময়ৰ পৰিৱৰ্তন লগে লগে দুৰ্গা দেৱীৰ চৰণত ভক্তি ভাৱেৰে দিয়া হৈছিল ম'হ বলি ।

আধ্যাত্মিকতাক এতিয়াও ধৰি ৰাখিছে বকুলৰ দুৰ্গা পূজা কমিটীয়ে (ETV Bharat)

সেই পৰম্পৰা ৰক্ষা কৰি এতিয়াও দুৰ্গা পূজাত দেৱীৰ চৰণত দিয়া হয ছাগলী, হাঁহ, কোমোৰা বলি । উজনি অসমৰ অতি পুৰণি এই পূজা হিন্দু আৰু ইছলামধৰ্মী লোকসকলে সমিলমিলেৰে পালন কৰি আহিছে । ডিব্ৰুগড়ৰ আন পূজাস্থলীৰ তুলনাত ইয়াত নাই বিশেষ জাকজমকাতা বা বিশাল আয়োজন । ইফালে প্ৰতিবছৰে দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তই ভিৰ কৰে এই পূজাথলীত ।

আটাইতকৈ লক্ষণীয় কথাটো হ'ল যে আৰম্ভণিৰে পৰা এটা পৰিয়ালে নিৰ্মাণ কৰি আহিছে এই বকুল দুৰ্গা পূজাৰ প্ৰতিমা । প্ৰতিমাও একেই আছে । প্ৰতিমাত কোনো ধৰণৰ পৰিৱৰ্তন কৰা হোৱা নাই । কলকাতাৰ এটা পৰিয়ালে পৰম্পৰা ৰক্ষা কৰি প্ৰতিমা নিৰ্মাণ কৰি আহিছে । একেদৰে দেৰগাঁওৰ এটা পৰিয়ালে পৰম্পৰা ৰক্ষা কৰি পুৰোহিতৰ কাম কৰি আহিছে । পূৰ্বৰ বছৰবোৰৰ দৰে এইবাৰো হাজাৰ হাজাৰ ভক্তক আদৰিবলৈ পূজা কমিটীয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ।

কেনেকৈ, কেতিয়াৰে পৰা আৰম্ভ হৈছিল ঐতিহাসিক বকুলৰ দুৰ্গা পূজা :

ডিব্ৰুগড়‌ জিলাৰ লাহোৱাল বকুলৰ দুৰ্গোৎসৱ স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত মোমাই তামুলী বৰবৰুৱাৰ তৎপৰতাত আৰম্ভ হৈছিল । ইতিহাস অনুসৰি ১৬০৩-১৬৪১ খ্ৰীষ্টাব্দৰ পৰাই বকুলৰ দুৰ্গোৎসৱ পালন কৰি অহা হৈছে । মোমাই তামুলী বৰবৰুৱাই এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । পূৰ্বতে বৰ্তমানৰ পূজাস্থলীৰ কিছু নিলগত এটা তিনিআলিত বৈদিক নীতি-নিয়মেৰে পূজা কৰা হৈছিল । বৰ্তমানো এই তিনিআলিটোতে পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি বলি-বিধান, নীতি নিয়মেৰে দুৰ্গোৎসৱ পালন কৰা হয় । বৰ্তমান যি স্থানত পূজাৰ আয়োজন কৰা হয় তালৈ পূজা অৰ্ঘ্য লৈ অহাৰ নিয়মো প্ৰচলন আছে ।

অসমৰ আন‌ আন শক্তিপীঠসমূহৰ দৰে বকুলৰ দুৰ্গা পূজাথলীকো এক শক্তিপীঠ হিচাপেই জনসাধাৰণে বিশ্বাস কৰি আহিছে । জাকজমকতা নথকাকৈ পূজাৰ প্ৰতিমাত কিছু বছৰ আগলৈকে অসমীয়া পাটৰ সাজ-পোছাক, গহণা পিন্ধোৱা হৈছিল যদিও বৰ্তমান সেই ব্যৱস্থা দেখিবলৈ পোৱা নাযায় । তদুপৰি দেৱীৰ প্ৰতিমাত যিবোৰ অস্ত্ৰ থাকে সেইবোৰ ৰজাদিনীয়া পিতলৰ আছিল । যিয়ে ৰাজ শাসনৰ দিনতেই যে এই পূজা আৰম্ভ হৈছিল সেই কথাৰ নিশ্চয়তা প্ৰদান কৰে ।

লগতে পঢ়ক :যোৰহাটৰ পূজা মণ্ডপত শোভাবৰ্ধন কৰিছে দিল্লীৰ অক্ষৰধাম মন্দিৰে

মহানগৰীত চীনৰ গ্লাছৰ হোটেল, ৬৫ ফুট উচ্চতাৰ শ্ৰীকৃষ্ণৰ মূৰ্তি

ABOUT THE AUTHOR

...view details