অসম

assam

ETV Bharat / state

বালি মাফিয়াৰ সন্ত্ৰাস : বালি খনন কৰা গাঁতত পৰি কিশোৰৰ সলিল সমাধি - Sand mafia in Mariyani - SAND MAFIA IN MARIYANI

Sand mafia in Mariyani : ভোগদৈ নদীৰ কিশোৰৰ সলিল সমাধি ৷ ভোগদৈ নদীৰ বুকুত এক্সকেভেটৰে অবৈধভাৱে বালি খনন কৰাৰ পৰিণতিত সৃষ্টি হোৱা দ’ গাঁতত সোমাই কিশোৰৰ মৃত্যু ৷

Sand mafia in Mariyani
বালি মাফিয়াৰ সন্ত্ৰাস : বালি খনন কৰা গাঁতত পৰি কিশোৰৰ সলিল সমাধি (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : May 6, 2024, 7:02 AM IST

বালি মাফিয়াৰ সন্ত্ৰাস : বালি খনন কৰা গাঁতত পৰি কিশোৰৰ সলিল সমাধি (ETV BHARAT ASSAM)

যোৰহাট, 6 মে’ :যোৰহাট জিলাৰ মৰিয়নীত বালি মাফিয়াৰ দৌৰাত্মই সৰ্বসাধাৰণ ৰাইজক আতংকিত কৰি আহিছে ৷ বন বিভাগৰ একাংশ দুনীৰ্তিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ পৃষ্ঠপোষকতাত মৰিয়নীৰ ভোগদৈ নদীত চলি অহা বালি মাফিয়াই বালি খনন কৰি আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে ৷

এতিয়া ক্ৰমাৎ এই বালি খনন স্থানীয় লোকৰ বাবে মৰণফান্দলৈ পৰিণত হৈছে ৷ ভোগদৈ নদীৰ বুকুত এক্সকেভেটৰে অবৈধভাৱে বালি খনন কৰাৰ পৰিণতিত সৃষ্টি হোৱা দ’ গাঁতত সোমাই এটা কিশোৰে কৰুণ মৃত্যুক আঁকোৱালি লয় ৷ শনিবাৰ তথা 4 মে’ত মৰিয়নী কঁঠালগুৰি চাহ বাগিচাৰ মনোজ তেলেংগা (15) নামৰ কিশোৰজনে গা ধুবলৈ যাওঁতেই বালিৰ দ’ গাঁতত পৰি কৰুণভাৱে মৃত্যুক আঁকোৱালি ল‘ব লগা হয় ।

জানিব পৰা মতে, চাৰিগৰাকী কিশোৰে গা ধুবলৈ পানীত নামিছিল ৷ তেতিয়াই সংঘটিত হয় এই ঘটনাটো ৷ পৰৱৰ্তী সময়ত এই কথা গম পাই প্ৰায় এঘণ্টা ধৰি স্থানীয় লোকে অভিযানৰ চলাই কিশোৰটোৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

এই ঘটনাৰ পিচতে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ নিতৌ ভোগদৈ দলঙৰ তলত একাংশ বালি মাফিয়াই বালি খনন কৰি ডাম্পাৰে ডাম্পাৰে বালি সৰবৰাহ কৰি আহিছে যদিও ৰহস্যজনকভাৱে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বন বিভাগে ।

বন বিভাগৰ নীতি অনুসৰি বালি খননৰ বাবে জেচিবি ফকলেণ্ডৰ ব্যৱহাৰ কৰিব নোৱাৰে যদিও বন বিভাগৰ বালি খননৰ অনুমতিৰ গইনা লৈ বালি মাফিয়াই নিজৰ ইচ্ছামতে নদীৰ বুকুত অৰ্হনিশে এক্সকেভেটৰে বালি খনন কৰি ডাম্পাৰে ডাম্পাৰে বালি সৰবৰাহ কৰাৰ লগতে অঞ্চলটোৰ জনজীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ।

মন কৰিবলগীয়া যে, ভোগদৈ নৈত যধে-মধে বালি খননৰ বাবে ভোগদৈ নদীৰ ওপৰত থকা পকী দলঙলৈও ভাবুকি আহি পৰিছে ৷ তাৰ পিচতো চৰম নিৰ্বিকাৰ হৈ বহি আছে বিয়াগোম বন বিভাগ ৷ স্থানীয় লোকে কোৱা অনুসৰি বন বিভাগৰ লগতে শাসনাধীষ্ঠ দলৰ একাংশ নেতা-পালিনেতাসহ একাংশ জাতীয় সংগঠনৰ পাবত গজা নেতাও জড়িত হৈ আছে নদীৰ বালি খনন আৰু সৰবৰাহত ।

লগতে পঢ়ক:কলগাছিয়াত বজ্ৰ পৰি মাতৃ-কন্যাৰ মৃত্যু - Thunderstorm

ABOUT THE AUTHOR

...view details