চামগুৰি, 21 আগষ্ট : প্ৰৱঞ্চনাৰ গোচৰত নগাঁও আৰক্ষীৰ জালত পৰিছে এজন সাংবাদিক ৷ এগৰাকী মহিলা চিকিৎসকক প্ৰৱঞ্চনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল ৰাজ্যৰ এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ নগাঁৱৰ সাংবাদিক দুলেন বৰাক ৷
উল্লেখ্য যে এগৰাকী মহিলা চিকিৎসকৰ পৰা ৬লাখ ৫০হাজাৰ টকা লৈ প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে ধৃত দুলেন বৰাৰ বিৰুদ্ধে । ব্যৱসায় কৰাৰ নামত মহিলা চিকিৎসকগৰাকীৰ পৰা বৃহৎ পৰিমাণৰ ধন লোৱা সাংবাদিক দুলেন বৰাৰ পৰা ধন উভতাই বিচৰাত মহিলাগৰাকীক ভাবুকি প্ৰদান কৰা বুলিও অভিযোগ উত্থাপিত হৈছে ৷ অৱশেষত এটা বিদ্ৰোহী সংগঠনৰ নাম লৈ মহিলা চিকিৎসকগৰাকীক ভাবুকি দিয়া বুলিও অভিযোগ উত্থাপিত হৈছে সাংবাদিক দুলেন বৰাৰ বিৰুদ্ধে ।
ইয়াৰ পিচতে ভুক্তভোগী মহিলা চিকিৎসকগৰাকী সাংবাদিক দুলেন বৰাৰ বিৰুদ্ধে কাষ চাপে নগাঁও আৰক্ষীৰ । মহিলা চিকিৎসকগৰাকীয়ে নগাঁও আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে ৮১৩/২৪ নম্বৰত এক গোচৰ ৰুজু কৰি সোমবাৰে নিশা গ্ৰেপ্তাৰ কৰে সাংবাদিক দুলেন বৰাক । নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে দুলেন বৰাক গ্ৰেপ্তাৰ কৰে ।
ইফালে যোৰহাটৰ ৰোহন চাহু নামৰ এজন ব্যৱসায়ীৰ পৰাও ডেৰ লাখ টকা লোৱাৰ অভিযোগ আছে ধৃত দুলেন বৰাৰ বিৰুদ্ধে । দুলেন বৰাৰ বিৰুদ্ধে নগাঁৱৰ বহুলোকৰ পৰা কোটিৰ ঘৰত ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে ৷ মঙলবাৰে ধৃত সাংবাদিক দুলেন বৰাক জে’ল হাজোতলৈ প্ৰেৰণ কৰে নগাঁও আৰক্ষীয়ে ।