গোলাঘাট, ৩০ আগষ্ট : গোলাঘাট জিলাত সকলো ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যৱহাৰ কৰা বেনাৰ-নাম ফলকত ৮০ শতাংশ অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ দাবীত নগৰৰ মাজ-মজিয়াৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত ক'লা ৰং সানি প্ৰতিবাদ সাব্যস্ত কৰিছিল যৌথ মঞ্চৰ বিষয়ববীয়াসকলে । উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ পিছত গোলাঘাট আৰক্ষীয়ে সামাজিক পৰিবেশ বিনষ্ট কৰাৰ অপৰাধত গোচৰ ৰুজু কৰে যৌথমঞ্চৰ কাৰ্যকৰী সভাপতি নিপন গগৈ, যুটীয়া সম্পাদক মানৱ গগৈ, শোভন কোঁৱৰ, সহকাৰী সাধাৰণ সম্পাদক ৰাজীৱ লস্কৰ আৰু উপদেষ্টা ইচাদ হুছেইনৰ বিৰুদ্ধে ৷
গোলাঘাট আৰক্ষীৰ এনে কাৰ্যৰ বিৰুদ্ধে শুকুৰবাৰে গোলাঘাট প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদমেলত যৌথমঞ্চৰ কাৰ্যকৰী সভাপতি নিপন গগৈয়ে কয়, ‘‘২৪ আগষ্টত তাই আহোম ছাত্ৰ সন্থাৰ কাৰ্যালয়ত গোলাঘাটৰ ২১ টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে একগোট হৈ অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যৌথমঞ্চ নামেৰে এটা সংগঠন জন্ম দিয়া হয় ৷ উক্ত মঞ্চৰ জৰিয়তে ৯ দফীয়া দাবীসম্বলিত পত্ৰ গোলাঘাট জিলা প্ৰশাসনক প্ৰদান কৰি ৭২ ঘন্টাৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ সময়সীমা বান্ধি দিওঁ । কিন্তু ৭২ ঘন্টা অতিক্ৰম কৰাৰ পিছত জিলা প্ৰশাসনে কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰাত আমি বৃহস্পতিবাৰে গোলাঘাট নগৰৰ মাজমজিয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যৱহাৰ কৰা বেনাৰ, ছাইনবোৰ্ডত ক’লা ৰং সানি প্ৰতিবাদ সাব্যস্ত কৰো ।’’
তেওঁ কয়, ‘‘আচলতে উক্ত প্ৰতিবাদী কাৰ্যসূচীত জিলা প্ৰশাসনে আমাক সহযোগিতা আগবঢ়াব লাগিছিল ৷ কিন্তু গোলাঘাট জিলা প্ৰশাসনে আমাৰ পাঁচজন নেতাৰ ওপৰত গোচৰ ৰুজু কৰিছে । আচলতে আমি আইৰ মুখৰ ভাষা ৰক্ষাৰ বাবে যদি আন্দোলন কৰো, তাৰ কাৰণে প্ৰশাসনে আইন-শৃংখলাজনিত কাম কৰা বুলি গোচৰ ৰুজু কৰে । যদি আমি সামাজিক পৰিবেশ বিনষ্ট কৰিছো, তেনেহ’লে শাওন মাহত মাজৰাতি একাংশ উদণ্ড লোকে ব’লব’মত ডি জে বজাই মাতলামি কৰিছিল সেইসকলৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই । আজি অসমীয়া জীয়াৰীৰ গাত চৰ মাৰি অনা অসমীয়া ৰক্ষা পৰে । অসম আৰক্ষীৰ এনে কাণ্ডৰ বাবে আমি দুখ পাইছো ।’’