নগাঁও, 18 মাৰ্চ :নগাঁৱৰ বটদ্ৰৱাৰ বাটমাৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । বাহনৰ কিস্তিৰ ধন বিচাৰি যোৱা ফাইনেন্স কোম্পানীৰ কৰ্মচাৰীক আক্ৰমণ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । হিন্দী চিনেমাৰ ষ্টাইলত প্ৰহাৰ কৰিলে ফাইনেন্স কোম্পানীৰ কৰ্মচাৰীক । ফাইনেন্স কোম্পানীৰ কৰ্মচাৰীক প্ৰহাৰ কৰাৰ পিচতেই দোষীক গ্ৰেপ্তাৰৰ দাবীত জিলা আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰিলে ফাইনেন্স কোম্পানীৰ শতাধিক কৰ্মচাৰীয়ে ।
HDB ফাইনেন্স কোম্পানীৰ পৰা ঋণ লৈ কেইমাহমান পূৰ্বে এখন ৬ চকীয়া টাটা ট্ৰাক ক্ৰয় কৰিছিল জুৰীয়া ধিং গাঁৱৰ মেহদী আলম নামৰ যুৱকজনে ৷ কিন্তু ঋণৰ কিস্তি পৰিশোধ কৰাত খেলিমেলি কৰি ট্ৰাকখন লুকুৱাই ৰাখিছিল বটদ্ৰৱাৰ বাটমাৰীত । পিচত ট্ৰাকখন বিচাৰি যাওঁতে ফাইনেন্স কোম্পানীটোৰ চাৰিজন কৰ্মচাৰীক লাঠীৰে মৰিয়াই আঘাতপ্ৰাপ্ত কৰে গ্ৰাহকজনৰ আত্মীয়ই ৷ ইয়াতে ক্ষান্ত নাথাকি মেহদী আলমৰ নেতৃত্বত আক্ৰমণকাৰী দলটোৱে বুলড’জাৰ লগাই ভাঙি চূৰমাৰ কৰে ফাইনেন্স কোম্পানীৰ কৰ্মচাৰী কেইজনে লৈ যোৱা বাহনখনো ।