কলিয়াবৰ,১২ এপ্ৰিল:এওঁ এগৰাকী লোকশিল্পী । এসময়ত তেওঁ আছিল হাতীফান্দী । কিন্তু আজি তেওঁ এলাগী, টুকিছে চকুপানী । কলিয়াবৰৰ এইগৰাকী লোকশিল্পী, আজি হৈ ৰৈছে এলাগী ! এসময়ত তেওঁৰ এটা পৰিচয় আছিল, হাতীফান্দী ৰবীন্দ্ৰ দাস । কণ্ঠত তেওঁৰ সৰস্বতীৰ বাস । হাতীফান্দী হিচাপে পৰিচিত ৰবীন্দ্ৰ দাসৰ কন্ঠৰে ৭৩ বছৰ বয়সতো নিগৰে হৰিনাম, গোৱালপৰীয়া লোকগীত । তবলা, দোতাঁৰা, হাৰমনিয়াম, খোল আদি বাদ্য বজোৱাত পাৰ্গত ৰবীন্দ্ৰ যেন আজি ৰণত পৰি কলীয়া হ'ল ।
হাতীফান্দী হিচাপে কাৰ্বি-আংলং, নগাৱঁত ৮ টামান হাতী ধৰাৰ পিচতে চৰকাৰী বাধা-নিষেধৰ বাবে অনিৰ্দিষ্ট কাললৈ বন্ধ হ'ল হাতী ধৰা । ফান্দী হিচাপে কৰ্মৰত হৈ থকা সময়তে বহুকেইটা বাদ্যৰ জ্ঞান আহৰণ কৰা ৰবীন্দ্ৰৰ বহুমুখী প্ৰতিভাৰ আজিও নাপালে কোনো স্বীকৃতি । কোনো চৰকাৰী আঁচনিয়ে স্পৰ্শ নকৰিলে কলিয়াবৰ নিজ চিলাবন্ধাৰ দৰিদ্ৰ ৰবীন্দ্ৰ তথা পৰিয়ালটোক । আজিলৈকে নাপালে অৰুণোদয়, নাপালে চৰকাৰী গৃহও । ৰবীন্দ্ৰ দাসৰ বৃদ্ধ পেঞ্চনটোও বন্ধ হৈ আছে কেইবাবছৰ ধৰি ।