অসম

assam

ETV Bharat / state

মেৰাপানীৰ এটা ঘৰত ড্ৰাগছেই ড্ৰাগছ : সপৰিয়ালে ৰঙাঘৰৰ আলহী - Drugs seized in Assam

Drugs seized in Golaghat: মেৰাপানীত গাঁৱে গাঁৱে ড্ৰাগছৰ সৰবৰাহ । অঞ্চলটোৰ ইছলামপুৰত ৰাইজে খেদি খেদি কৰায়ত্ত কৰে ড্ৰাগছ সেৱনকাৰী যুৱকক । ড্ৰাগছ সেৱনকাৰী যুৱকক উত্তম-মধ্যম শোধোৱাত ওলাল ড্ৰাগছৰ ঘাটি ।

A family detained with drugs at Merapani in Golaghat
মেৰাপানীৰ এটা ঘৰত ড্ৰাগছৰ উজান, সপৰিয়ালে ৰঙাঘৰৰ আলহী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 10:28 PM IST

গোলাঘাট,১৯ জুন: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত ড্ৰাগছ বিৰোধী অভিযান । তাৰ মাজতে ড্ৰাগছ সৰবৰাহকাৰীৰ ন ন কৌশল । বৰ্তমান গাঁৱে গাঁৱে শিপাইছে ড্ৰাগছ বৰবিহৰ প্ৰচলন । সহজে ধন ঘটাৰ উদ্দেশ্যৰে গাঁৱৰ একাংশ লোক লিপ্ত হৈছে এই বৰবিহৰ প্ৰচলনত । ইয়াৰ মাজতে গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত ইছলামপুৰত ৰাইজে খেদি খেদি আটক কৰে ড্ৰাগছ সেৱনকাৰী যুৱকক ।

মেৰাপানীৰ এটা ঘৰত ড্ৰাগছৰ উজান, সপৰিয়ালে ৰঙাঘৰৰ আলহী (ETV Bharat Assam)

ইছলামপুৰৰ জাকিৰ আহমেদ নামৰ ড্ৰাগছ ব্যৱসায়ীৰ গৃহৰ পৰা দুটা প্লাষ্টিকৰ টেমাত ড্ৰাগছ সেৱনৰ বাবে নিয়া প্ৰত্যক্ষ কৰি স্থানীয় লোকে ৰামপুৰৰ নুৰউদ্দিন আহমেদৰ পুত্ৰ চৈইব আহমেদ নামৰ যুৱকজনক আটক কৰি উত্তম-মধ্যম শোধোৱাৰ পাচতেই আহমেদৰ ঘৰৰ পৰা হেৰ'ইনসমূহ ক্ৰয় কৰা বুলি স্বীকাৰ কৰে ।

ঘটনা সন্দৰ্ভত মেৰাপানী আৰক্ষী থানাত খবৰ দিয়াত ঘটনাস্থলীত মেৰাপানী আৰক্ষী উপস্থিত হৈ ড্ৰাগছ ব্যৱসায়ী জাকিৰ আহমেদৰ ঘৰত তালাচী চলোৱাত কেইবাটাও হেৰ'ইনসহ টেমা আৰু খালী বাকচ উদ্ধাৰ কৰে । ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী জাকিৰৰ লগতে তেওঁৰ পুত্ৰ চাবিৰ, পত্নী তথা বোৱাৰীয়েকক আটক কৰি তদন্ত আৰম্ভ কৰে ।

উল্লেখ্য যে গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি অসম-নাগালেণ্ড সীমান্তৰে মাৰাত্মক ড্ৰাগছ সৰবৰাহ হৈ আহিছে । যাৰ পৰিপ্ৰেক্ষিতত ক্ৰমান্বয়ে ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে সমগ্ৰ জিলাখন । সমান্তৰালভাৱে বহু যুৱক-যুৱতী ড্ৰাগছৰ কবলত পৰি অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰিছে । আনহাতে আৰক্ষীয়ে বিভিন্ন সময়ত এই মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় যদিও পুনৰ ন ন কৌশল অৱলম্বন কৰি অব্যাহত ৰাখে ড্ৰাগছৰ সৰহবৰাহ ।

লগতে পঢ়ক:যোৰহাটত প্ৰায় ১.২ কোটি টকাৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী - Drive Against Drugs

আমগুৰিৰ বৰবাম গ্ৰাণ্টত জব্দ চাৰি কোটি টকাৰ ড্ৰাগছ - Drugs seized in Amguri

ABOUT THE AUTHOR

...view details