নলবাৰী, 2 অক্টোবৰ:আজিৰে পৰা সূচনা হ’ল দেৱীপক্ষৰ ৷ আজি দেৱী দুৰ্গাই কৈলাশৰ পৰা মৰ্ত্যলৈ নামি অহা বুলি এক প্ৰবাদ আছে ৷ সপৰিবাৰে আগন্তুক দহটা দিন ধৰাত কটাব দেৱী দুৰ্গাই ৷ এই দেৱী পক্ষত ভক্তপ্ৰাণ ৰাইজ বিলীন হৈ পৰিব দেৱী বন্দনাত ৷ অসমতো আছে শৰৎ কালত দেৱী দুৰ্গাৰ আৰাধনাৰ এক পৰম্পৰা ৷ সেই পৰম্পৰাক সৰোগত কৰি অসমবাসীয়ে প্ৰতিবছৰৰ দৰে এইবাৰো আয়োজন কৰিছে শাৰদীয় দুৰ্গোৎসৱৰ ৷
অসমৰ কেবাঠাইতো দুৰ্গা পূজাৰ আছে প্ৰাচীন ইতিহাস ৷ তাৰে বহু পূজাথলীৰ ইতিহাস শতবছৰৰো পুৰণি ৷ ইয়াৰ ভিতৰত অন্যতম এখন ৰজাদিনীয়া পূজা হৈছে ধৰ্মপুৰ জ্ঞানদায়িনী সংঘৰ দ্বাৰা আয়োজিত সাহপুৰ ৰাজঘাট দুৰ্গা পূজা ৷ বুঢ়াদিয়া নৈৰ পাৰত অৱস্থিত এই সাহপুৰ ৰাজঘাটৰ দুৰ্গা পূজা এখন ঐতিহাসিক পূজা । এই সাহপুৰ ৰাজঘাট দুৰ্গা পূজাই এইবাৰ ভৰি দিছে 105 বছৰত ৷ এই কথা জনা যায় যে বুঢ়াদিয়া নৈৰ ঘাটতে ৰজা নাগক্ষই গা ধোৱা ঘাটত 105 বছৰ পূৰ্বে আৰম্ভ হৈছিল ধৰ্মপুৰ সাহপুৰ ৰাজঘাট দুৰ্গা পূজা ৷ তেতিয়াৰে পৰা অঞ্চলটোৰ ৰাইজে পালন কৰি আহিছে এই শাৰদীয় দুৰ্গোৎসৱ ৷
তদুপৰি ধৰ্মপুৰ সাহপুৰ ৰাজঘাট দুৰ্গা পূজাৰ আছে আন এক বিশেষত্ব ৷ শতবৰ্ষ অতিক্ৰম কৰা এইখন দুৰ্গা পূজাত ইছলাম ধৰ্মাৱলম্বী লোকৰো আছে অনন্য অৱদান । ধৰ্মীয় গোড়ামি বা সংকীৰ্ণতাৰ উৰ্ধত এই বিশেষ পূজাথলীত হিন্দু মুছলমানৰ সম্প্ৰীতি ৰক্ষাৰে পূজা-অৰ্চনা কৰা হয় ৷ 1985 চনৰে পৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলে দেৱী দুৰ্গাৰ অকালবোধন হিচাপে এই সাহপুৰ দুৰ্গা পূজাখন পাতি আহিছে বুলি জানিবলৈ দিয়ে উদ্যোক্তা সমিতিয়ে ৷ আনকি আয়োজক সমিতিতো মুছলমান সম্প্ৰদায়ৰ লোক প্ৰতিনিধি হিচাপে থাকি পূজাত আগভাগ লোৱা বুলি কয় উদ্যোক্তাসকলে ৷
উল্লেখযোগ্য যে 105 বছৰত ভৰি দিয়া নলবাৰীৰ ঐতিহাসিক ৰজা দিনীয়া দুৰ্গোৎসৱ সাহপুৰ ৰাজঘাট পূজা সমিতিয়ো চলাইছে ব্যাপক প্ৰস্ততি । শতবৰ্ষগৰকা এই দুৰ্গা পূজাখনত প্ৰতিকুল বতৰকো নিওচি দিনে-নিশাই ব্যস্ত হৈ পৰিছে উদ্যোক্তা সমিতিকে ধৰি স্থানীয় ৰাইজ ।