অসম

assam

তৃতীয় বৰ্গৰ পৰীক্ষা দিবলৈ নাপালে পৰশ্ৰীয়ে; আদবাটতে কালে দিলে বাধা - ADRE 2024

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 6:59 AM IST

ADRE : লাখ লাখ প্ৰাৰ্থীৰ দৰে ডিব্ৰুগড়ৰ পৰশ্ৰীৰো হয়টো আশা আছিল ভালদৰে পৰীক্ষা দি তৃতীয় বৰ্গৰ পদত নিযুক্তি হোৱাৰ । কিন্তু নিষ্ঠুৰ নিয়তি ! পৰীক্ষাত বহিবলৈয়ে নাপালে মেধাৱী ছাত্ৰীগৰাকীয়ে ।

ADRE 2024
তৃতীয় বৰ্গৰ পৰীক্ষা দিবলৈ গৈ পথ দুৰ্ঘটনাত মৃত্যু ছাত্ৰীৰ (ETV Bharat)

মৰাণ, ১৬ ছেপ্টেম্বৰ : ৰাজ্যজুৰি দেওবাৰে অনুষ্ঠিত হৈ গ'ল অসম চৰকাৰৰ তৃতীয় বৰ্গৰ পদৰ বাবে লিখিত পৰীক্ষা । ১১ লাখতকৈও অধিক যুৱক-যুৱতীয়ে আৱেদন কৰা এই নিযুক্তি পৰীক্ষা ২৮ খন জিলাৰ মুঠ ২৩০৫ টা কেন্দ্ৰত অনুষ্ঠিত হয় । ইতিমধ্যে শান্তিপূৰ্ণভাৱে এই নিযুক্তি পৰীক্ষা অনুষ্ঠিত হোৱা বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ।

কিন্তু ইয়াৰ মাজতে ডিব্ৰুগড়ত মৰ্মান্তিক ঘটনা । তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা দিবলৈ গৈ কৰুণ মৃত্যু এগৰাকী প্ৰাৰ্থীৰ । চাচনী দেওঘৰীয়া গাঁৱত এতিয়া শোকৰ ছাঁ ।

  • তৃতীয় বৰ্গৰ পৰীক্ষা দিবলৈ গৈ অকাল মৃত্যু

টিংখাং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী তথা চাচনী দেওঘৰীয়া গাঁৱৰ নিবাসী পৰশ্ৰী গগৈয়ে দেওবাৰে অনুষ্ঠিত হোৱা তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে পুৱাই ডিব্ৰুগড়লৈ ৰাওনা হয় । গৈ থকা সময়তে পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি ল'ব লগা হয় পৰশ্ৰীয়ে । এই ঘটনাই ডিব্ৰুগড়ত শোকৰ ছাঁ পেলাইছে ।

জানিব পৰা মতে নাহৰকটীয়া সমষ্টিৰ চাচনী দেওঘৰীয়া গাৱঁৰ নিত্যা গগৈৰ একমাত্ৰ কন্যা পৰশ্ৰী গগৈয়ে লিখিত পৰীক্ষা দিবলৈ পুৱাই ডিব্ৰুগড় চিটি কলেজলৈ গৈ আছিল । এজন যুৱকৰ সৈতে মটৰ চাইকেলেৰে গৈ থকা সময়তে ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত এখন ই-ৰিক্সাৰ সৈতে মুখামখি সংঘৰ্ষ হয় । এই দুৰ্ঘটনাত দুয়োগৰাকী মটৰ চাইকেল আৰোহী অৰ্থাৎ যুৱকজন আৰু পৰশ্ৰী গগৈ গুৰুতৰভাৱে আহত হয় ।

তেওঁলোকক সংকটজনক অৱস্থাত লেঙেৰী প্ৰাথমিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে দুয়োকে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । অসম চিকিৎসা মহাবিদ্যালয়তে দেওবাৰে বিয়লি মৃত্যুক আঁকোৱালি লয় পৰশ্ৰীয়ে । নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ অকালতে প্ৰাণ হেৰুওৱা ছাত্ৰীগৰাকীৰ পৰিয়ালত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । জানিব পৰা মতে ইতিমধ্যে পৰশ্ৰীৰ শেষকৃত্য সম্পন্ন কৰা হৈছে ।

লগতে পঢ়ক :পৰীক্ষা কেনেকুৱা হ’ল সুধিবলৈ নাথাকিল মা, দুই ভাতৃ-ভগ্নীৰ জীয়া কাহিনীয়ে কন্দুৱাব আপোনাকো - Tragic incident in Barpeta

ABOUT THE AUTHOR

...view details