শিলচৰ, ১৭ ছেপ্টেম্বৰ:আৰ জি কৰ ধৰ্ষণকাণ্ড, ধিঙৰ ধৰ্ষণকাণ্ডৰ প্ৰতিক্ৰিয়া মাৰ যোৱা নাই বৰ্তমান পৰ্যন্ত । তাৰ মাজতে ৰাজ্যত সংঘটিত হৈছে আন বহুকেইটা ধৰ্ষণকাণ্ড । যাৰ বিৰুদ্ধে ৰুজু হৈছে কেইবাটাও গোচৰ । ধৰ্ষণ তথা যৌন নিৰ্যাতনৰ গোচৰত আটক কৰা হৈছে বহুকেইজন লোকক । তথাপিও যেন গা-লৰা নাই একাংশৰ । নিকৃষ্ট মানসিকতাৰ একাংশ লোকে বৰ্তমানো নাৰীৰ ওপৰত চলাই গৈছে যৌন আতিশয্য ।
ৰাজ্যত পুনৰ সংঘটিত হৈছে নাবালিকাক যৌন নিৰ্যাতনৰ ঘটনা । কাছাৰৰ লায়লাপুৰত এগৰাকী ১৩ বছৰীয়া নাবালিকা ছাত্ৰীক দোকানৰ ভিতৰত ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় মায়াজুল আলী লস্কৰ নামৰ এগৰাকী গাঁওৰক্ষী বাহনীৰ লোকক । অভিযোগ অনুসৰি, অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে নিজ বিদ্যালয়ৰ কাষতে থকা অভিযুক্ত মায়াজুল আলীৰ দোকানলৈ গৈছিল কলম ক্ৰয় কৰিবলৈ । ছাত্ৰীগৰাকীক অকলে পাই সুযোগ বুজি জোৰজৱৰদস্তি কৰি দোকানৰ ভিতৰলৈ লৈ গৈ ধৰ্ষণৰ চেষ্টা চলায় অভিযুক্ত লোকজনে ।
পিছে নাবালিকা ছাত্ৰীগৰাকীয়ে লোকজনৰ হাতত কামুৰি সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় । ইয়াৰ পিচতে সমগ্ৰ ঘটনা বিদ্যালয়ৰ এজন শিক্ষকক ভুক্তভোগী নাবালিকা ছাত্ৰীগৰাকীয়ে অৱগত কৰে । ঘটনা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই নাবালিকা ছাত্ৰীগৰাকীৰ পিতৃক অৱগত কৰোৱাৰ পিচতে নাবালিকাগৰাকীৰ পিতৃয়ে লায়লাপুৰ আৰক্ষী চকীত মায়াজুলৰ বিৰুদ্ধে দাখিল কৰে এখন এজাহাৰ ।