অসম

assam

ETV Bharat / state

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যোৰহাট অধিবেশনৰ তাৰিখ ঘোযণা - SANKARDEV SANGHA JORHAT SESSION

১০ লাখ ভক্তক আদৰিবলৈ সাজু শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখা । যোৰহাটত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশন ।

Sankardev Sangha Jorhat Session
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যোৰহাট অধিবেশনৰ তাৰিখ ঘোযণা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 30, 2024, 7:45 PM IST

যোৰহাট :শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশন এইবাৰ যোৰহাট জিলাৰ ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব । ২০২৫ বৰ্ষৰ ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অধিবেশন ।

বুধবাৰে যোৰহাট শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা নামঘৰ প্ৰাংগণত অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰে সংঘৰ আদৰণী সমিতিৰ সভাপতি ডঃ নবীন চন্দ্ৰ বৰাই । সংবাদমেলত তেওঁ কয়, "যোৰহাটৰ পশ্চিম প্ৰান্তৰ ম'হবন্ধা এৰালতলি পথাৰত বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ৩ কোটি ৫০ লাখ টকা ব্যয়সাপেক্ষে ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনখন অনুষ্ঠিত হ'ব । ১২০০ বিঘা মাটি সামৰি লোৱা এই অধিবেশনস্থলীত ২০০ শিবিৰ স্থাপন কৰা হ'ব । তাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া ভক্তসকলে থকা-মেলা কৰিব পাৰিব ।"

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যোৰহাট অধিবেশনৰ তাৰিখ ঘোযণা (ETV Bharat Assam)

তেওঁ লগতে কয়, "এই অধিবেশনস্থলীত ২০০ চৌকাত ভক্তৰ বাবে খাদ্য ৰন্ধা-বঢ়া কৰা হ'ব । আনহাতে, একেলগে ১৫ হাজাৰ ভক্তই খোৱা-ৱোবা কৰিব পাৰিব । অধিবেশনস্থলীত সংঘৰ ১০ হাজাৰ সেৱা বাহিনীৰ লোকক নিয়োগ কৰা হ'ব ।"

ইফালে অধিবেশনৰ লাইখুঁটা স্থাপন সন্দৰ্ভত আদৰণী সমিতিৰ সভাপতিগৰাকীয়ে কয়, "এই বাৰ্ষিক অধিবেশনৰ বাবে মূল মণ্ডপৰ লাইখুঁটা অহা ১৭ নৱেম্বৰত সংঘৰ পদাধিকাৰে স্থাপন কৰিব ।"

লগতে এই অধিবেশনখনি সুচাৰুৰূপে সম্পন্ন আৰু সাফল্যমণ্ডিত কৰি তুলিবলৈ যোৰহাটবাসীৰ লগতে সমগ্ৰ ৰাজ্যবাসীৰ পৰা সহায়-সহযোগিতা কামনা কৰিছে যোৰহাট জিলা সমিতিয়ে ।

আনহাতে, এই অধিবেশনস্থলীত গ্ৰন্থ বিপণিৰ লগতে বিভিন্ন সৌন্দৰ্যবহন কৰা বহু সমলো প্ৰতিফলিত হ'ব । ৯৪ সংখ্যক বাৰ্ষিক অধিবেশন উপলক্ষে বুধবাৰে আয়োজন কৰা সংবাদমেলত যোৰহাট জিলা সমিতিৰ বিভিন্ন পদবীধাৰী লোকসকলৰ লগতে ভক্তপ্ৰাণ ৰাইজো উপস্থিত থাকে ।

লগতে পঢ়ক :পুৰণিক পাহৰি কেৱল নতুনৰ পাছত দৌৰাটোৱেই সূচায় নেকি প্ৰগতি ? অতীতলৈ ঘূৰি কি চাম ?
লগতে পঢ়ক :ওৰে নিশা দীঘলীপুখুৰীৰ পাৰৰ গছক পহৰা দিলে কটনিয়ানে; কোনো কাৰণতেই নিদিয়ে কাটিবলৈ

ABOUT THE AUTHOR

...view details