মাজুলী, 4 ছেপ্টেম্বৰ:অসমীয়া সমাজ জীৱনৰ খনিকৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৬ সংখ্যক তিৰোভাৱ তিথি । দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে সত্ৰভূমি মাজুলী । গুৰু বন্দনাৰে মুখৰিত মাজুলীৰ আকাশ-বতাহ । মাজুলীৰ প্ৰতিখন সত্ৰ আৰু নামঘৰত পুৱাৰ পৰা নিশা দুপৰলৈ চাৰি নাম চৈধ্য প্ৰসংগ খোল তাল বৰগীতৰ অমীয়া সুৰে মুখৰিত হৈ পৰিব । মাজুলীৰ ভোগপুৰ, উত্তৰ কমলাবাৰী, নতুন কমলাবাৰী সত্ৰত ৪ দিনীয়াকৈ মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উদযাপন কৰিছে ।
প্ৰথমদিনা চাউল ভোজনী, দ্বিতীয় দিনা থাপনি, আজি মূলতিথি ইয়াৰ পাছত কাইলৈ ভাঙনী অনুষ্ঠান হ’ব । আজি পুৱাৰ পৰা পুৱাগীত, নাম-কীৰ্তন আদিৰ পাছত গায়ন-বায়ন, বিহাৰ নৃত্য, ওজাপালি, কীৰ্ত্তনীয়া আদি পৰিবেশন হ’ব ।
মহাপুৰুষজনাৰ তিৰোভাৱ তিথি মাজুলীৰ ৩৩ খন সত্ৰ আৰু চাৰি শতাধিক নামঘৰত আজি পালন কৰা হৈছে । আজিৰ গোটেই দিনটো মুখৰিত হৈ থাকিব নাম প্ৰসংগৰে । দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবসিত হৈছে সত্ৰপীঠ মাজুলী । ঐতিহাসিক কমলাবাৰী সত্ৰত শংকৰ গুৰুজনাৰ তিথি বিস্তৃত তথা আড়ম্বৰপূৰ্ণভাৱে পালন কৰি অহা হৈছে ।