গুৱাহাটী, ৮ অক্টোবৰ :অনলাইন ট্ৰেডিঙৰ নামত ৰাজ্যত সংঘটিত বিয়াগোম কেলেংকাৰী সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ তদন্ত কৰিব চি বি আয়ে । মঙলবাৰে এই কথা সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । আনহাতে, মঙলবাৰে ভাৰত চৰকাৰে এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশনা দিয়ে ।
সামজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে কয়, "১৩-০৯-২০২৪ তাৰিখৰ অসম কেবিনেটৰ অনুমোদন অনুসৰি ৰাজ্য চৰকাৰে ভাৰত চৰকাৰলৈ পত্ৰ লিখি বিভিন্ন থানাত পঞ্জীয়নভুক্ত অনলাইন ব্যৱসায়ৰ সৈতে জড়িত ৪১টা গোচৰ চি বি আইলৈ হস্তান্তৰ কৰাৰ বাবে আবেদন জনাইছিল । ভাৰত চৰকাৰে এই অনুৰোধ গ্ৰহণ কৰি দিল্লী স্পেচিয়েল পুলিচ এষ্টাব্লিছমেণ্ট এক্ট, ১৯৪৬ৰ ৩ নম্বৰ ধাৰাৰ অধীনত তদন্ত গ্ৰহণৰ বাবে চি বি আইক নিৰ্দেশনা জাৰি কৰে । ৰাজ্য চৰকাৰে তদন্ত ক্ষিপ্ৰ কৰাৰ বাবে সকলো সহায় আগবঢ়াব । অপৰাধৰ সৈতে জড়িত দোষীক কঠোৰ শাস্তি নিশ্চিত কৰিবলৈ আমাৰ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ।"
উল্লেখ্য যে ষ্টক ট্ৰেডিঙৰ নামত হোৱা বিয়াগোম কেলেংকাৰী সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন থানাত ৰুজু হোৱা গোচৰ চি বি আইক দিয়াৰ সিদ্ধান্ত ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছিল । সেই সময়ত ৰুজু হোৱা ৩২টা গোচৰ চি বি আইক দিয়াৰ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিছিল । এই সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনা কৰে আৰু কেন্দ্ৰীয় গৃহ মন্ত্রীয়ে অনুমতি দিয়ে । তাৰ পাছতে ১৩ ছেপ্টেম্বৰৰ কেবিনেটত সিদ্ধান্ত লোৱা হয় ।