অসম

assam

ETV Bharat / state

অসম আৰক্ষীৰ জালত পৰিল এন এছ চি এনৰ তিনি লিংকমেন - NSCN LINKMEN ARRESTED

নগা উগ্ৰপন্থী সংগঠন এন এছ চি এনে অসমৰ সীমান্তৱৰ্তী জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত ৰাখিছে অপৰাধমূলক কাৰ্যকলাপ ।

NSCN Linkmen Arrested in Charaideo
ধৃত এন এছ চি এনৰ লিংকমেন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 15, 2025, 3:34 PM IST

মৰাণ : নগা উগ্ৰপন্থী সংগঠনে অসমৰ সীমান্তৱৰ্তী জিলাত অপহৰণ, ধন দাবীৰ দৰে ঘটনা সংঘটিত কৰি থকাত সচেতন ৰাইজ চিন্তিত হৈ পৰিছে । অসম-নাগালেণ্ড সীমান্তত আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কৰিছে যদিও নিৰাপত্তা বেহু ফালি অসমত নগা উগ্ৰপন্থীয়ে বিভিন্ন কাৰ্যকলাপ চলাই আছে ।

ইয়াৰ মাজতে আৰক্ষীৰ জালত পৰিল এন এছ চি এনৰ তিনিজন সন্দেহযুক্ত লিংকমেন ।

ধৃত এন এছ চি এনৰ লিংকমেন (ETV Bharat Assam)

শুকুৰবাৰে চৰাইদেউৰ নামতোলাত সোণাৰি আৰক্ষীয়ে অভিযান চলাই আটক কৰে মহৰম আলী আৰু সঞ্জু দাস নামৰ দুই লিংকমেনক । দুয়োৰে বিৰুদ্ধে এন এছ চি এনৰ হৈ বিভিন্ন কাৰ্যকলাপ চলাই থকাৰ অভিযোগ আৰক্ষীয়ে লাভ কৰাৰ পাছতে তদন্ত আৰম্ভ কৰে । আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা অনুসৰি আটকাধীন মহৰম আলীৰ ঘৰ নগাঁৱৰ জুৰীয়াত । আনহাতে, সঞ্জু দাসৰ ঘৰ নাগালেণ্ডৰ মন জিলাৰ টিজিট থানাৰ অন্তৰ্গত সংগচাৰত ।

ধৃত এন এছ চি এনৰ লিংকমেন (ETV Bharat Assam)

মুছলেক আলীৰ অপৰহৰণত জড়িতক গ্ৰেপ্তাৰ :

এই লিংকমেন দুজনে নগা উগ্ৰপন্থীৰ হৈ অসমত কেনেদৰে কাৰ্যকলাপ চলাই আছিল সেই বিষয়ে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । দুয়োজন লিংকমেনক জেৰা চলোৱাৰ অন্তত এই অভিযোগতেই আজি আন এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । অসম-নাগালেণ্ডৰ সীমান্তৱৰ্তী নামতোলাৰ পৰা গ্ৰেপ্তাৰ কৰিছে সুমিত দে' নামৰ যুৱকজনক । ধৃত লিংকমেন সুমিত দে' ড্ৰাগছ ব্যৱসায়ী মুছলেক আলীৰ অপৰহৰণৰ সৈতে জড়িত থকাৰ অভিযোগত অভিযুক্ত ।

ধৃত তিনি লিংকমেনক বৰ্তমান সোণাৰি আৰক্ষী থানাত সোধা-পোছা অব্যাহত ৰখা হৈছে । এই অভিযানক লৈ সোণাৰি আৰক্ষীয়ে আনুষ্ঠানিক তথ্য ৰাজহুৱা কৰা নাই যদিও তিনিওকে আজি জেৰা চলাব বুলি ই টিভি ভাৰতক জানিবলৈ দিছে । উল্লেখ্য় যে যোৱা বৰ্ষৰ ২৫ নৱেম্বৰত নিষিদ্ধ ড্ৰাগছৰ বেহা চলোৱাৰ অভিযোগত অস্ত্ৰধাৰী এন এছ চি এনে চৰাইদেউৰ নামতোলাৰ নিজা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা অপহৰণ কৰিছিল মুছলেক আলী নামৰ এজন ব্যৱসায়ীক ।

উল্লেখ্য় যে মুছলেক আলীৰ মুক্তিৰ বাবে নগা বিদ্ৰোহী সংগঠনে দাবী কৰিছিল ২৫ লাখ টকা । কিন্তু তেনে সময়ত অপহৃত মুছলেক আলীক বিনাচৰ্তে মুক্তিৰ দাবীত নামতোলাত নাগালেণ্ড সংযোগী মূল পথ অৱৰোধ কৰিছিল অসমৰ কেইবাটাও দল-সংগঠনে । পিছত সোঁশৰীৰে নগা উগ্ৰপন্থীয়ে মুকলি কৰি দিছিল মুছলেক আলীক । এই ঘটনাৰ পাছৰে পৰা অসম আৰক্ষীয়ে চৰাইদেউৰ অসম-নাগালেণ্ড সীমান্তত নগা উগ্ৰপন্থী সংগঠনৰ ওপৰত চোকা নজৰ ৰাখিছে ।

লগতে পঢ়ক:নগা উগ্ৰপন্থী সংগঠনে মুকলি কৰিলে নামতোলাৰ ব্যৱসায়ী মুছলেক আলীক - CHARAIDEO KIDNAPPING CASE

মাৰ্ঘেৰিটাত এন এছ চি এন (আই এম)ৰ কেডাৰসহ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ - NSCN IM cadre arrested - NSCN IM CADRE ARRESTED

ABOUT THE AUTHOR

...view details