ছিপাঝাৰ, ১৬ মে’ : বিহু অসমীয়া জাতিৰ সমন্বয়ৰ প্ৰতীক ৷ কিন্তু এইখন অসমতে বিহু চোৱাৰ অপৰাধত এঘৰীয়া কৰা হ’ল ২০ টাকৈ পৰিয়ালক ৷ আন সম্প্ৰদায়ৰ সৈতে বিহু চোৱাৰ অপৰাধত এঘৰীয়া কৰি জৰিমনা বিহাৰ দৰে লজ্জাজনক ঘটনা সংঘটিত হৈছে ৷
অতীতৰে পৰা বিহুৱে অসমত সকলো জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰি আহিছে ৷ একতাৰ ডোলেৰে অসমীয়া জাতিক একত্ৰিত কৰি ৰখাৰ সময়তে মঙলদৈ জিলাৰ ছিপাঝাৰৰ বামুণঝাৰত দেখা গৈছে এক বিপৰীত ছবি । এটা সম্প্ৰদায়ৰ একাংশ লোকে আন সম্প্ৰদায়ৰ লোকে আয়োজন কৰা বিহু অনুষ্ঠানত সহযোগ কৰাৰ বাবেই এতিয়া এঘৰীয়া কৰাৰ দৰে ঘটনা সংঘটিত হৈছে ।
ছিপাঝাৰৰ বামুণঝাৰত বামুণঝাৰ ৰাংঢ়ালী মহিলা বিহু সমিতিয়ে প্ৰতিবাৰৰ দৰে এইবাৰো সাৰ্বজনীন সহযোগিতাৰে অলপতে আয়োজন কৰিছিল বিহু অনুষ্ঠান । অঞ্চলটোৰ প্ৰায় ৬টা সম্প্ৰদায়ৰ লোকে একত্ৰিত উদযাপন কৰা বিহুত সহযোগ কৰাৰ বাবে বিভাজন নাথ সম্প্ৰদায়ৰ মাজত ।