স্প’ৰ্টছ ডেস্ক, 21 অক্টোবৰ:প্ৰথমখন টেষ্টত লজ্জাজনক পৰাজয়ৰ পিছত দ্বিতীয় টেষ্টলৈ সাজু হৈছে টীম ইণ্ডিয়া ৷ 24 অক্টোবৰৰ পৰা ভাৰত-নিউজিলেণ্ডৰ মাজত দ্বিতীয়খন টেষ্ট পুনেত অনুষ্ঠিত হ’ব ৷
এইখন টেষ্ট দুয়োটা দলৰ বাবেই হ’ব গুৰুত্বপূৰ্ণ ৷ প্ৰথম টেষ্টত জয়লাভৰ পিছত নিউজিলেণ্ডে শৃংখলা দখলৰ হকে নামিব খেলপথাৰত ৷ বিপৰীতে ভাৰতে শৃংখলাত সমতা স্থাপনৰ লক্ষ্য আগত ৰাখি প্ৰথম টেষ্টত কৰা ভুলসমূহৰ পুনৰাবৃত্তি নকৰিবলৈ চেষ্টা অব্যাহত ৰাখিব ৷
বেংগালুৰু টেষ্টত ভাৰতে 8 উইকেটত পৰাজয়বৰণ কৰাৰ পিছত নিউজিলেণ্ডে এই শৃংখলাত লাভ কৰিছে 1-0 ৰ অগ্ৰগতি ৷ পুনে টেষ্টৰ পূৰ্বে দলত কুলদীপ যাদৱ আৰু অক্ষৰ পেটেল, সুন্দৰৰ যোগদানে টীম ইণ্ডিয়াক অধিক শক্তিশালী কৰি তুলিব ৷
বি চি চি আইৰ দল ঘোষণা
ভাৰত-নিউজিলেণ্ডৰ দ্বিতীয় আৰু তৃতীয় টেষ্টৰ বাবে ইতিমধ্যে বি চি চি আইয়ে ঘোষণা কৰিছে দল ৷ দল ঘোষণাৰ পূৰ্বে ঋষভ পন্তৰ দলত অন্তৰ্ভুক্তি সন্দৰ্ভত উত্থাপিত হৈছিল কিছু প্ৰশ্ন ৷ কিয়নো প্ৰথমখন টেষ্টত খেলুৱৈগৰাকী ভূগিছিল আঘাতৰ সমস্যাত ৷ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বি চি চি আইয়ে দলত স্থান দিছে উইকেটকীপাৰ বেটছমেনগৰাকীক ৷