স্প’ৰ্টছ ডেস্ক, 20 আগষ্ট:দীৰ্ঘদিনৰ প্ৰতিবাদ, ৰিঙত বিফল ভাৰতীয় মহিলা মল্লযোদ্ধা বিনেশ ফোগাটৰ সন্দৰ্ভত পোহৰলৈ আহিছে এক বৃহৎ খবৰ ৷ সক্ৰিয় ৰাজনীতিত প্ৰৱেশৰ দিশে আগবাঢ়িছে বিনেশ ফোগাট ৷ ভাৰতৰ তাৰকা মল্লযোদ্ধা ফোগাটে আগন্তুক হাৰিয়ানা বিধানসভা নিৰ্বাচনত আগবঢ়াব পাৰে প্ৰতিদ্বন্দ্বিতা ৷ এই খবৰ সংবাদ মাধ্যমক যোগান ধৰিছে খেলুৱৈগৰাকীৰ নিকটাত্মীয়ই ৷
কিন্তু বিনেশে ইতিমধ্যেই স্পষ্ট কৰি দিছিল যে, তেওঁ এতিয়াই সক্ৰিয় ৰাজনীতিত প্ৰৱেশ নকৰে । অৱশ্যে শেহতীয়া প্ৰতিবেদন অনুসৰি, একাংশ ৰাজনৈতিক দলে ফোগাটক ৰাজনীতিত প্ৰৱেশৰ বাবে সৈমান কৰিবলৈ যথেষ্ট প্ৰচেষ্টা চলাই আছে ।
ৰাজনীতিত যোগদানৰ সম্ভাৱনা বিনেশ ফোগাটৰ
নিৰ্ধাৰিত মাত্ৰাতকৈ শৰীৰত 100 গ্ৰাম ওজন বেছি থকাৰ বাবেই পেৰিছ অলিম্পিকৰ ফাইনেলৰ পৰা অযোগ্য ঘোষণা হৈছিল বিনেশ ফোগাট ৷ কিংবদন্তি মল্লযোদ্ধাগৰাকীয়ে পেৰিছ অলিম্পিক 2024 ত মহিলাৰ ফ্ৰী ষ্টাইলৰ 50 কিল’গ্ৰাম শাখাত সোণৰ পদক জয় কৰাৰ সুযোগ হেৰুৱাইছিল । পিছে এতিয়া লাভ কৰা খবৰৰ ভিত্তিত ক’ব পৰা যায় যে, পেৰিছৰ পৰা হতাশমনে উভতি অহা মল্লযোদ্ধাগৰাকীয়ে আগন্তুক হাৰিয়ানা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।