নতুন দিল্লী:২০২৪ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল প্ৰাক্তন বাওঁহতীয়া ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধৱনে । জনপ্ৰিয়ভাৱে গব্বৰ নামেৰে পৰিচিত এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰ খেলপথাৰত চাৰি আৰু ছয়ৰ লগতে ছ’চিয়েল মিডিয়াত ধেমেলীয়া ভিডিঅ’ৰ বাবেও পৰিচিত । ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় ধৱনে ট্ৰেণ্ডিং ৰীল পুনৰ সৃষ্টি কৰি অনুৰাগীক মনোৰঞ্জন দিবলৈ কেতিয়াও ব্যৰ্থ নহয় ।
শিখৰ ধৱনে শেহতীয়াকৈ নিজৰ ইনষ্টাগ্ৰামত পিতৃৰ সৈতে এটা ধেমেলীয়া ৰীল শ্বেয়াৰ কৰিছিল । য’ত তেওঁ দ্বিতীয়বাৰৰ বাবে পিতৃক বিয়া কৰাবলৈ ইচ্ছা প্ৰকাশ কৰা দেখা গৈছে । ভিডিঅ’টোত পিতৃয়ে দিয়া উত্তৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।
ধৱনে দ্বিতীয়বাৰৰ বাবে বিয়া কৰাবলৈ ইচ্ছা প্ৰকাশ কৰে :
শিখৰ ধাৱনে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা সুধিলে, "মোক কিমান বেয়া দেখা গৈছে, কওকচোন ?" কেপচনৰ সৈতে এটা ভিডিঅ’ ৰীল শ্বেয়াৰ কৰা হৈছে । ৰীলত ধৱনে দেউতাকক কৈ আছে - "পাপা, দ্বিতীয়বাৰৰ বাবে বিয়া হ'ব বিচাৰো ৷" এই কথাত তেওঁৰ দেউতাকে কয়, "হেৰা, মইও তোমাক হেলমেট পিন্ধাই তোমাৰ প্ৰথম বিয়াখন সম্পন্ন কৰিছিলোঁ ৷" দেউতাকৰ পৰা এনে উত্তৰ শুনি ধৱনে দুখ মনেৰে চোফাত বহি থাকে । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে পিতৃ-পুত্ৰৰ এই ধেমেলীয়া ভিডিঅ' ৷ যাৰ ওপৰত তেওঁৰ অনুৰাগীয়ে ধেমেলীয়া মন্তব্য কৰিছে ।