স্পৰ্টছ ডেস্ক,২০ ফেব্ৰুৱাৰী :এইবছৰৰে জুন মাহত অনুষ্ঠিত হ'ব পুৰুষৰ টি-২০ বিশ্বকাপ ক্ৰিকেট । তাৰ পূৰ্বে ভাৰতীয় দলৰ অধিনায়ক কোন হ'ব তাক লৈ বিভিন্ন ধৰণৰ জল্পনা-কল্পনা অব্যাহত আছে । বহুতে ৰোহিত শৰ্মাকে পুনৰ দলৰ নেতৃত্ব দিব লাগে বুলি দাবী কৰি আহিছে । বিচিচিআই কৰ্তৃপক্ষইও একপ্ৰকাৰ ৰোহিত শৰ্মাক দলৰ নেতৃত্ব দিয়াৰ ইংগিত দিয়া দেখা গৈছে ।
তাৰ মাজতে ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়েও টি-২০ বিশ্বকাপৰ অধিনায়ক হোৱাৰ বাবে ৰোহিত শৰ্মাক সমৰ্থন আগবঢ়াইছে । শেহতীয়াকৈ, বিচিচিআইৰ সচিব জয় শ্বাহে কৈছে যে ৰোহিত শৰ্মাই ২০২৪ চনৰ জুনত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ নেতৃত্ব দিব । তেওঁৰ মন্তব্যৰ পিচতে স্পষ্ট হৈছিল যে ৰোহিত শৰ্মাই ২০২৪ চনৰ টি-২০ বিশ্বকাপ খেলিব আৰু লগতে দলক নেতৃত্ব দিব ।
ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে বিশ্বাস কৰে যে ৰোহিত দলটোক নেতৃত্ব দিয়াৰ বাবে উপযুক্ত বিকল্প । তেওঁ কৈছে যে টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ অধিনায়ক হিচাপে ৰোহিত শৰ্মা সঠিক পছন্দ । শেহতীয়া এদিনীয়া বিশ্বকাপত তেওঁ যিদৰে ভাৰতীয় দলক নেতৃত্ব দিছিল আৰু ১০ খন মেচ জয়ী হৈছিল সেয়া এতিয়াও তেওঁৰ স্মৃতিত সতেজ হৈ আছে । গতিকে, ৰোহিত এই ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ পছন্দ ।