গুৱাহাটী: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰ'য়েলছে ১৮ সংখ্যক আই পি এলৰ সংস্কৰণৰ বাবে পুনৰ টঙালি বান্ধিছে । সঞ্জু ছেমছনৰ নেতৃত্বত ৰাজস্থান ৰ'য়েলছে ২৬ মাৰ্চত গুৱাহাটীৰ প্ৰথম মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে ৩০ মাৰ্চত এ চি এ ক্ৰিকেট ষ্টেডিয়ামত দলটো মুখামুখি হ’ব চেন্নাই চুপাৰ কিংছৰ । যাৰ বাবে ইতিমধ্যে ঘৰুৱা দলটোৱে ইতিমধ্যে বাঁহৰ পাতিছে গুৱাহাটীত ।
বিগত মঙলবাৰৰ পৰাই ৰাজস্থান ৰয়েলছে এ চি এ ষ্টেডিয়ামত নিজৰ অনুশীলন আৰম্ভ কৰিছে । পুৱা দহ বজাৰ পৰা তিনি বজালৈ আৰু নিশা সাত বজাৰ পৰা এঘাৰ বজালৈ দলটোৰ খেলুৱৈসকলে অনুশীলন কৰে । প্ৰথমদিনাৰ পৰা অনুশীলনত অংশ লয় অসম সন্তান ৰিয়ান পৰাগ, নীতিশ ৰাণা, ধ্ৰুৱ জুৰেল, বৈভৱ সূৰ্যবংশী, অশোক শৰ্মা, আকাশ মাধৱাল আৰু সন্দীপ শৰ্মাই ।
দলৰ অনুশীলনত উপস্থিত থাকে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু স্পীন বলিং প্ৰশিক্ষক ছৈৰাজ বহুতুলে । ২২ ফেব্ৰুৱাৰীলৈ এই বিশেষ শিবিৰ অনুষ্ঠিত হ’ব । গুৱাহাটীৰ দুয়োখন মেচেই নিশাৰভাগত অনুষ্ঠিত হ’ব । ২৬ মাৰ্চ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইৰ্ডাছৰ খেলখনৰ টিকট ইতিমধ্যে বৃহস্পতিবাৰে বিয়লি ৪ বজাৰ পৰা মুকলি কৰি দিয়া হৈছে ।
শিক্ষাৰ্থীসকলৰ বাবে টিকটৰ ক্ষেত্ৰত বিশেষ সুবিধা কৰিছে ৰাজস্থান ৰয়েলছে । শিক্ষাৰ্থীসকলৰ বাবে ৫০০ টকাত উপলব্ধ কৰা হৈছে টিকট । লগতে অহা সপ্তাহত চেন্নাই চুপাৰ কিংছৰ লগত অনুস্থিত হ'ব লগা মেছৰ টিকট মুকলি কৰিব Book my show ত । বৃহস্পতিবাৰে গুৱাহাটীস্থিত অসম ক্ৰিকেট সন্থাৰ কাৰ্যালয়ত অসম ক্ৰিকেট সন্থা আৰু ৰাজস্থান ৰ'য়েলছে যৌথভাৱে অনুষ্ঠিত কৰা এখন সংবাদমেলত এই কথা সদৰী কৰে ৰাজস্থান ৰ'য়েলছ দলৰ চি ই অ’ জেক লুছে ।