স্প’ৰ্টছ ডেস্ক: স্পেইনৰ মালাগাত অনুষ্ঠিত ডেভিছ কাপ ফাইনেল 2024 ত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে ৰাফেল নাডাল ৷ এয়া হৈছে নাডালৰ পেছাদাৰী কেৰিয়াৰৰ অন্তিমখন প্ৰতিযোগিতা ৷
মঙলবাৰে আৰম্ভ হ'ব ডেভিছ কাপৰ ফাইনেল আৰু টেনিছ অনুৰাগীসকলৰ বাবে ই এক আৱেগিক মুহূৰ্ত হ'ব ৷ কিয়নো টেনিছ জগতৰ তিনিগৰাকী তাৰকা খেলুৱৈৰ ভিতৰত এগৰাকীয়ে এই ইভেণ্টৰ পিছত খেলৰ পৰা গ্ৰহণ কৰিব অৱসৰ ৷
ডেভিছ কাপ ফাইনেল নাডালৰ অন্তিম টুৰ্ণামেণ্ট
ইতিমধ্যে সকলোৰে দৃষ্টি আৱদ্ধ আছে ৰাফেল নাডালৰ ওপৰত ৷ কিন্তু অনুৰাগীসকলক প্ৰতিযোগিতাখন তেওঁৰ সলনি ৰাষ্ট্ৰীয় দল আৰু 2019 চনৰ পিছত নাডালৰ প্ৰথম ডেভিছ কাপৰ খিতাপ অৰ্জনকাৰী লক্ষ্যৰ খেল হিচাপেহে উপভোগ কৰিবলৈ আহ্বান জনাইছে ।
ঘৰুৱা দৰ্শকৰ লগতে কাৰ্লোছ আলকাৰাজ আৰু মাৰ্চেল গ্ৰেনোলাৰ্ছৰ দৰে সতীৰ্থৰ উপস্থিতিত নাডালে কোৱাৰ্টাৰ ফাইনেলত নেদাৰলেণ্ডৰ মুখামুখি হ'ব । নেদাৰলেণ্ডৰ বিৰুদ্ধে মেচখনত জয়ী হ’লে দলটোৱে জাৰ্মানী বা কানাডাৰ মুখামুখি হ'ব ।
ৰাফেল নাডালৰ অন্তিম পেছাদাৰী টুৰ্ণামেণ্টৰ বিষয়ে সকলো তথ্য
ৰাফেল নাডালে একক বা দ্বৈতভাৱে খেলিব নেকি ?
যোৱা সপ্তাহৰ আৰম্ভণিতে স্পেইনৰ অধিনায়ক ডেভিদ ফেৰেৰে কৈছিল যে, স্পেনিছ টেনিছ তাৰকাজনে ডাবলছ টাইত খেলিব । অৱশ্যে নাডালে এসপ্তাহ পিছত প্ৰকাশ কৰিছিল যে, তেওঁ নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলখনত নিজৰ ভূমিকাৰ বিষয়ে নিশ্চিত নহয় । দলীয় সংবাদমেলত খেলুৱৈগৰাকীয়ে এনেদৰে কয়, "মই নাজানো যে মই কোনো মেচ খেলিম নে নেখেলো । মই সাম্প্ৰতিক সময়ত খুব কম খেলিছো" ৷
ৰাফেল নাডালৰ ডেভিছ কাপ অভিলেখ
নাডালৰ জয়ৰ শতাংশ হৈছে 96.7, এয়া যিকোনো খেলুৱৈৰ বাবে সৰ্বাধিক, অন্ততঃ যিয়ে 15 বাৰতকৈ অধিক খেলিছে । 29-1 ৰ এক আচৰিত অভিলেখৰ উপৰিও তেওঁ স্পেইনৰ সৈতে 4 বাৰ চেম্পিয়নৰ খিতাপ দখল কৰিছে । ডেভিছ কাপৰ কেৰিয়াৰত নাডালৰ একমাত্ৰ পৰাজয় 2004 চনত চেক গণৰাজ্যৰ জিৰি নোভাকৰ হাতত হৈছিল ।
- মঙলবাৰে কেতিয়া আৰম্ভ হ'ব ডেভিছ কাপৰ খেল ?
স্পেইন আৰু নেদাৰলেণ্ডৰ মাজত ডেভিছ কাপৰ খেলখন মঙলবাৰে ভাৰতীয় সময় অনুসৰি নিশা 9.30 বজাত আৰম্ভ হ'ব ।
- নেদাৰলেণ্ডৰ বিৰুদ্ধে ৰাফেল নাডালৰ ডেভিছ কাপৰ খেলখন ক'ত উপভোগ কৰিব ?
স্পেইন আৰু নেদাৰলেণ্ডৰ মাজত ডেভিছ কাপৰ ফাইনেল মেচখন ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কত সম্প্ৰচাৰ কৰা হ'ব । আনহাতে, ছনী লাইভ আৰু জিঅ' টিভিত মেচখনৰ লাইভ ষ্ট্ৰীমিং প্ৰদৰ্শন কৰা হ'ব ।
লগতে পঢ়ক:বদৌচা কাপ ২০২৪; আমন্ত্ৰণমূলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল টুৰ্ণামেণ্টৰ সামৰণি