স্পৰ্টছ ডেস্ক, 26 জুলাই : পেৰিছ অলিম্পিক 2024 ৰ বক্সিঙৰ বাবে ড্ৰ’ বৃহস্পতিবাৰে মুকলি কৰা হয় ৷ ইয়াৰ লগে লগে ভাৰতীয় মহিলা বক্সাৰ নিখাত জাৰিন আৰু লাভলীনা বৰগোহাঁই কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগা হৈছে ৷ মহিলাৰ 50 কিলোগ্ৰাম ইভেণ্টত 32 ৰাউণ্ডত নিখাতে জাৰ্মানীৰ মেক্সি ক্লয়েৎজাৰৰ মুখামুখি হ'ব ৷ ড্ৰ’ ব্ৰেকেট অনুসৰি, দুবাৰৰ বিশ্ব চেম্পিয়নগৰাকীয়ে ৰাউণ্ড অফ 16 ত চীনৰ এছিয়ান গেমছ চেম্পিয়ন উ য়ুৰ মুখামুখি হোৱাৰ সম্ভাৱনা আছে ৷
ইফালে লাভলীনাৰ বাবেও পদকৰ পথ সহজ নহয় ৷ অসমৰ বক্সাৰগৰাকীয়ে মহিলাৰ 75 কিলোগ্ৰাম শাখাত নৰৱেৰ চুন্নিৱা হফষ্টাডৰ বিৰুদ্ধে খেলিব ৷ ইয়াৰ পিচত, তেওঁ কোৱাৰ্টাৰ ফাইনেলত চীনৰ লি কিয়ানৰ মুখামুখি হ'ব পাৰে ৷ উল্লেখ্য যে, আজিৰে পৰা ফ্ৰান্সৰ ৰাজধানী পেৰিছত অনুষ্ঠিত হ'ব লগা বিশ্বৰ ক্ৰীড়া মহাৰণ অলিম্পিকত 31 তাৰিখে বক্সিং ৰিঙত নামিব লাভলীনা ৷ এইবাৰৰ অলিম্পিক গেমছত অসমৰ একমাত্ৰ খেলুৱৈ হিচাপে অংশ লোৱা লাভলীনা বৰগোহাঁয়ে টকিঅ' অলিম্পিকত 69 কেজি ওজনৰ শাখাত অৱতীৰ্ণ হৈছিল যদিও এইবাৰৰ অলিম্পিকত 75 কেজি ওজনৰ শাখাত অৱতীৰ্ণ হ'ব ৷
লগতে পঢ়ক :পেৰিছত বিশ্বৰ ক্ৰীড়া মহাৰণ: ৩১ তাৰিখে বক্সিং ৰিঙত নামিব লাভলীনা - Paris Olympics 2024
নিখাতৰ সম্ভাব্য প্ৰতিদ্বন্দ্বী উ য়ু তেওঁৰ শাখাৰ শীৰ্ষ স্থানপ্ৰাপ্ত বক্সাৰ আৰু লগতে 52 কিলোগ্ৰামত বিশ্ব চেম্পিয়ন ৷ যদি নিখাতে এই প্ৰত্যাহ্বান অতিক্ৰম কৰে, তেন্তে তেওঁ কোৱাৰ্টাৰ ফাইনেলত থাইলেণ্ডৰ চুথামাত ৰাকচাট বা উজবেকিস্তানৰ চাবিনা বোবোকুলোভাৰ মুখামুখি হ'ব ৷ নিখাতে এই বছৰৰ আৰম্ভণিতে খেলা ষ্ট্ৰেণ্ডজা মেম'ৰিয়েল ফাইনেলত বোবোকুলোভাৰ বিৰুদ্ধে পৰাজয় স্বীকাৰ কৰিছিল ৷ লগতে, যোৱা বছৰ এছিয়ান গেমছৰ ছেমি ফাইনেলত নিখাটক পৰাস্ত কৰিছিল ৰাকছাটে ৷