স্পৰ্টছ ডেস্ক, 28 জুলাই :পেৰিছ অলিম্পিক 2024ত ইতিহাসৰ সৃষ্টি ভাৰতৰ বলৰাজ পানৱাৰৰ ৷ দেওবাৰে পেৰিছ অলিম্পিক 2024ত ৰয়িংত ইতিহাস সৃষ্টি কৰে খেলুৱৈজনে ৷ পুৰুষৰ একক স্কলছ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈ ইতিহাস ৰছে তেওঁ ৷ পেৰিছ 2024ত ভাৰতৰ একমাত্ৰ ৰোয়াৰ বলৰাজ পানৱাৰে দেওবাৰে পুৰুষৰ একক স্কলছত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে ৷
সেনাবাহিনীৰ 25 বছৰীয়া খেলুৱৈগৰাকীয়ে মনাকোৰ কুৱেণ্টিন এণ্টোগানেলিৰ পিচতে 7:12.41 ছেকেণ্ডেৰে দ্বিতীয় স্থান দখল কৰে ৷ তেওঁলোকৰ ৰিপেচেজ গ্ৰুপৰ পৰা আন 3 জন অংশগ্ৰহণকাৰীয়ে ছেমি ফাইনেল ই/এফলৈ আগবাঢ়ি যায় ৷
প্ৰথম অলিম্পিক অভিষেক খেলি থকা বলৰাজ পানৱাৰে এতিয়া মঙলবাৰে পুৰুষৰ একক স্কলছ ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব ৷ এই খেলখন 30 জুলাইত ভাৰতীয় সময় মতে দুপৰীয়া 1.40 বজাৰ পৰা অনুষ্ঠিত হ’ব ৷
লগতে পঢ়ক :সাফল্য : প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ প্ৰীতি পাৱাৰ - Paris Olympics 2024