অসম

assam

স্বৰ্ণ জয়ত বিফল হ'লেও নীৰজে ৰচিলে অভিলেখ - Paris Olympics 2024

By ETV Bharat Sports Team

Published : Aug 9, 2024, 12:05 PM IST

Paris Olympics 2024: দ্বিতীয়টো স্বৰ্ণ জয়ৰ সপোন পূৰণ কৰিব নোৱাৰিলে নীৰজ চোপ্ৰাই । পেৰিছ অলিম্পিত ৰূপৰ পদকেৰে অভিযান সামৰিলে নীৰজে । তথাপিও তেওঁ বিশেষ অভিলেখ ৰচিবলৈ সক্ষম হ'ল ?

Paris Olympics 2024
স্বৰ্ণ জয়ত বিফল হ'লেও নীৰজে ৰচিলে অভিলেখ (AP Photo)

স্পৰ্টছ ডেস্ক, ৯ আগষ্ট :পেৰিছ অলিম্পিক ২০২৪ত পুৰুষৰ জেভলিন থ্ৰ' ইভেণ্টৰ ফাইনেল বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল । ভাৰতে আশা কৰিছিল যে গ'ল্ডেন বয় নীৰজ চোপ্ৰাই একেৰাহে দ্বিতীয়বাৰৰ বাবে স্বৰ্ণ পদক লাভ কৰিব । কিন্তু নীৰজ চোপ্ৰা ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয় ।

আনহাতে পাকিস্তানৰ আৰ্শাদ নাদিমে অলিম্পিকৰ অভিলেখ ভংগ কৰে আৰু ৯২.৯৭ মিটাৰ থ্ৰ'ৰে সোণৰ পদক লাভ কৰে । ৰূপৰ পদকতে সন্তুষ্ট থকা স্বত্বেও ২৬ বছৰীয়া ভাৰতীয় খেলুৱৈ নীৰজ চোপ্ৰাই দেশক গৌৰৱান্বিত কৰিবলৈ সক্ষম হয় ।

ট্ৰেক এণ্ড ফিল্ডত ২ টা পদক জয়ী প্ৰথম ভাৰতীয়

ভাৰতৰ তাৰকা জেভলিন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰাই সোণৰ পৰা বঞ্চিত হোৱা স্বত্বেও এক বৃহৎ অভিলেখ গঢ়িবলৈ সক্ষম হয় । নীৰজে তেওঁৰ ৮৯.৪৫ মিটাৰ ছিজনৰ সৰ্বশ্ৰেষ্ঠ থ্ৰ'ৰ জৰিয়তে ৰূপৰ পদক লাভ কৰে আৰু একেৰাহে অলিম্পিকত দ্বিতীয়টো পদক জয় কৰা প্ৰথম ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড খেলুৱৈ হিচাপে পৰিগণিত হয় । নীৰজে টকিঅ' অলিম্পিকত সোণৰ পদক লাভ কৰিছিল আৰু এতিয়া পেৰিছত ৰূপৰ পদক লাভ কৰিছে ।

অলিম্পিকত একেৰাহে ব্যক্তিগত পদক জয়ী তৃতীয় ভাৰতীয়

পেৰিছ অলিম্পিকত ৰূপৰ পদক জয় কৰাৰ লগে লগে নীৰজ চোপ্ৰা একেৰাহে ২ টা অলিম্পিকত (২০২১, ২০২৪) ব্যক্তিগত ক্ৰীড়াত পদক অৰ্জন কৰা তৃতীয় ভাৰতীয় হৈ পৰিছে । নীৰজৰ পূৰ্বে তাৰকা মল্লযুঁজাৰু সুশীল কুমাৰ (২০০৮ আৰু ২০১২) আৰু তাৰকা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুয়ে (২০১৬ আৰু ২০২১) এই কৃতিত্ব অৰ্জন কৰিছে ।

১ টাতকৈ অধিক ব্যক্তিগত অলিম্পিক পদক জয়ী পঞ্চম ভাৰতীয়

নীৰজ চোপ্ৰাই তেওঁৰ নামত আন এক অভিলেখ গঢ়িছে । তেওঁ অলিম্পিকত ব্যক্তিগত ক্ৰীড়াত একাধিক পদক জয় কৰা পঞ্চমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে । ব্যক্তিগত ক্ৰীড়াত একাধিক পদক জয়ী খেলুৱৈসকল -

১. নৰমান প্ৰিচাৰ্ড : ২ টা ৰূপ

২. সুশীল কুমাৰ : ১ টা ৰূপ, ১ টা ব্ৰঞ্জ

৩. পি ভি সিন্ধু : ১ টা ৰূপ, ১ টা ব্ৰঞ্জ

৪. মনু ভাকৰ : ২ টা ব্ৰঞ্জ

৫. নীৰজ চোপ্ৰা : ১ টা সোণ, এটা ৰূপ

ব্যক্তিগত ক্ৰীড়াত আটাইতকৈ সফল ভাৰতীয় খেলুৱৈ

পেৰিছ অলিম্পিক ২০২৪ত ৰূপৰ পদক লাভ কৰাৰ লগে লগে নীৰজ চোপ্ৰা ব্যক্তিগত ক্ৰীড়াত অলিম্পিকত আটাইতকৈ সফল ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে । নীৰজ চোপ্ৰাই অলিম্পিকত ক্ৰমে ১ টা সোণ আৰু ১ টা ৰূপৰ পদক লাভ কৰিছে । একে সময়তে বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুয়ে ১ টা ৰূপ আৰু ১ টা ব্ৰঞ্জ, মল্লযুঁজাৰু সুশীল কুমাৰে ১ টা ৰূপ আৰু ১ টা ব্ৰঞ্জ আৰু শ্বুটাৰ মনু ভাকৰে ২ টা ব্ৰঞ্জৰ পদক লাভ কৰিছে ।

লগতে পঢ়ক :মই মোৰ সৰ্বশ্ৰেষ্ঠ দিছিলো, কিন্তু সেয়া আৰ্শাদৰ দিন আছিল : স্বৰ্ণ হেৰুওৱাৰ পিছত নীৰজ চোপ্ৰাৰ প্ৰতিক্ৰিয়া - PARIS OLYMPICS 2024

ABOUT THE AUTHOR

...view details