অসম

assam

ETV Bharat / sports

পেৰিছ অলিম্পিকৰ জেভলিনত পদক বিজয়ীয়ে কিমান পৰিমাণে লাভ কৰিলে নগদ ধন - PARIS OLYMPICS 2024 - PARIS OLYMPICS 2024

Paris Olympics 2024 Javelin Throw Prize Money : পাকিস্তানৰ অৰ্শদ নাদিমে পেৰিছ অলিম্পিক 2024 ৰ জেভলিন থ্ৰ’ৰ ফাইনেলত জয় কৰিছে সোণৰ পদক ৷ আনহাতে, ভাৰতৰ নীৰজ চোপ্ৰাই ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগা হৈছে । পদক জয়ৰ পিছত দুয়োগৰাকী খেলুৱৈয়ে পুৰষ্কাৰ হিচাপে কিমান ধন লাভ কৰিছে ? জানিবলৈ পঢ়ক সম্পূৰ্ণ বাতৰিটো ।

PARIS OLYMPICS 2024
অৰ্শদ নাদিম আৰু নীৰজ চোপ্ৰা (AP PHOTO)

By ETV Bharat Sports Team

Published : Aug 9, 2024, 2:21 PM IST

স্প’ৰ্টছ ডেস্ক, 9 আগষ্ট : পেৰিছ অলিম্পিক 2024 ৰ জেভলিন থ্ৰ’ ৰ ফাইনেলত ভাৰতৰ গোল্ডেন বয় খ্যাত নীৰজ চোপ্ৰা ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগা হৈছিল । অৱশ্যে 26 বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকীয়ে একেৰাহে দ্বিতীয়খন অলিম্পিকত পদক জয় কৰি ইতিহাস সৃষ্টি কৰে । তেওঁ ট্ৰেক এণ্ড ফিল্ডত দুটা ব্যক্তিগত পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ ৷

লগতে পঢ়ক:অলিম্পিকত নীৰজ চোপ্ৰাৰ ৰূপৰ পদক জয়: অভিনন্দন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী মোদীৰ - PARIS OLYMPICS 2024

এই প্ৰতিযোগিতাত পাকিস্তানৰ জেভেলিন থ্ৰ’য়াৰ অৰ্শদ নাদিমে অলিম্পিকৰ অভিলেখ ভংগ কৰি সকলোকে আচৰিত কৰি তোলে । নাদিমে 94.97 মিটাৰ থ্ৰ’ৰে এক নতুন অলিম্পিক অভিলেখ গঢ়ি সোণৰ পদক জয় কৰে ৷ নাদিমে 32 বছৰৰ পিছত পাকিস্তানৰ হৈ অলিম্পিক পদক জয় কৰে ।

স্বৰ্ণপদক বিজয়ী অৰ্শদ নাদিমে কিমান পুৰস্কাৰ পাইছিল ?

টকিঅ' অলিম্পিকলৈকে কোনো বিজয়ীক পুৰষ্কাৰৰ ধন দিয়া হোৱা নাছিল ৷ কিন্তু পেৰিছ অলিম্পিক 2024 ৰ পৰা বিশ্ব এথলেটিক্সে পুৰষ্কাৰৰ ধন ঘোষণা কৰিছিল । পাকিস্তানী টকাৰ হিচাপত এই ধনৰ পৰিমাণ প্ৰায় এক কোটি 40 লাখ ।

এথলেটিকছৰ যিকোনো প্ৰতিযোগিতাত সোণৰ পদক জিকাৰ বাবে এই পুৰষ্কাৰৰ ধন প্ৰদান কৰা হৈছে । এথলেটিকছৰ বাহিৰে পেৰিছ অলিম্পিকৰ আন কোনো প্ৰতিযোগিতাত বিজয়ীসকলক কোনো পুৰষ্কাৰৰ ধন দিয়া হোৱা নাই ।

ৰূপৰ পদক জয়ী নীৰজ চোপ্ৰাই কি লাভ কৰিলে ?

ভাৰতৰ তাৰকা জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাই পেৰিছ অলিম্পিক 2024 ত ৰূপৰ পদক জয় কৰাৰ বাবে বিশ্ব এথলেটিকছৰ পৰা কোনো পুৰস্কাৰৰ ধন লাভ কৰা নাই ৷ কিয়নো বিশ্ব এথলেটিকছে এই অলিম্পিকত কেৱল সোণৰ পদক বিজয়ীসকলৰ বাবেহে পুৰস্কাৰৰ ধন ঘোষণা কৰিছে ।

অৱশ্যে, 2028 চনত লছ এঞ্জেলছত অনুষ্ঠিত হ'বলগীয়া অলিম্পিকৰ পৰা ৰূপ আৰু ব্ৰঞ্জৰ পদক বিজয়ীসকলকো বিশ্ব এথলেটিকছৰ দ্বাৰা পুৰস্কাৰৰ ধন প্ৰদান কৰা হ'ব ।

লগতে পঢ়ক:স্বৰ্ণ নহয় : পেৰিছ অলিম্পিকত ৰূপৰ পদক জয় নীৰজ চোপ্ৰাৰ - PARIS OLYMPICS 2024

ABOUT THE AUTHOR

...view details