অসম

assam

ETV Bharat / sports

বাবৰ আজমৰ আকস্মিক সিদ্ধান্ত; সলনি হ’ব পাৰে এইগৰাকী ক্ৰিকেটাৰৰ ভাগ্য - PAKISTANI CRICKETER BABAR AZAM - PAKISTANI CRICKETER BABAR AZAM

Babar azam Captaincy: মঙলবাৰৰ মাজনিশা পাকিস্তানী ক্ৰিকেটাৰ বাবৰ আজমৰ বৃহৎ ঘোষণা ৷ আজমৰ এই সিদ্ধান্তই আন এগৰাকী পাকিস্তানী ক্ৰিকেটাৰৰ ভাগ্য উদয় কৰাৰ সম্ভাৱনা আছে ৷ সামাজিক মাধ্যমৰ জৰিয়তে কৰা ঘোষণাত স্তম্ভিত পাকিস্তান ক্ৰিকেট ব’ৰ্ড ৷

PAKISTANI CRICKETER BABAR AZAM
পাকিস্তানী ক্ৰিকেটাৰ বাবৰ আজম (IANS PHOTO)

By ETV Bharat Sports Team

Published : Oct 2, 2024, 12:57 PM IST

স্প’ৰ্টছ ডেস্ক, 2 অক্টোবৰ:বিগত কেইবছৰমানৰ পৰা পাকিস্তানী ক্ৰিকেটত কিবা নহয় কিবা অঘটন সংঘটিত হৈয়েই আছে ৷ সেয়া লাগিলে কোনো পাকিস্তানী ক্ৰিকেটাৰে অৱসৰ গ্ৰহণ কৰাই হওঁক নাইবা পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ কোনো শীৰ্ষ বিষয়াৰ পদত্যাগেই হওঁক ৷ মঙলবাৰে তেনে এক ঘটনাই সংঘটিত হ’ল পাকিস্তান ক্ৰিকেটত ৷

হঠাতে সামাজিক মাধ্যমত কৰা এক ঘোষণাই স্তম্ভিত কৰিলে ক্ৰিকেটপ্ৰেমীৰ লগতে দেশখনৰ ক্ৰিকেটজগতৰ সৈতে জড়িত প্ৰতিগৰাকী বিষয়ববীয়াক ৷ দায়িত্ব গ্ৰহণৰ 12 মাহ নৌহওতেই দ্বিতীয়বাৰৰ বাবে অধিনায়কৰ পদৰ পৰা পদত্যাগ কৰিলে পাকিস্তানী ক্ৰিকেটাৰ বাবৰ আজমে ৷ ক্ৰিকেটাৰগৰাকীৰ এনে সিদ্ধান্তত হতবাক হৈ পৰে পাকিস্তান ক্ৰিকেট ব’ৰ্ড ৷

2023 চনৰ নৱেম্বৰ মাহত আজমে তিনিওটা ফৰ্মেটৰ ক্ৰিকেটৰ পৰা পদত্যাগ কৰিছিল । পৰৱৰ্তী সময়ত ক্ৰিকেটাৰগৰাকীক পুনৰ এদিনীয়া আৰু টি-20ৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয় ৷

ক্ৰিকেটাৰগৰাকীয়ে নিজৰ অফিচিয়েল সামাজিক মাধ্যমৰ একাউণ্ট এক্সত লিখিছে, "প্ৰিয় অনুৰাগীসকল, আজি আপোনালোকৰ লগত কিছু খবৰ শ্বেয়াৰ কৰিছো । যোৱা মাহত পি চি বি আৰু দল পৰিচালকক দাখিল কৰা অধিসূচনা অনুসৰি মই পাকিস্তানৰ পুৰুষ ক্ৰিকেট দলৰ অধিনায়ক পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছো"।

"এই দলটোক নেতৃত্ব দিয়াটো মোৰ বাবে এক সন্মানৰ কথা আছিল যদিও এতিয়া পদত্যাগ কৰি খেলত মনোনিৱেশ কৰাৰ সময় আহি পৰিছে ৷ অধিনায়কত্বৰ অভিজ্ঞতা আচৰিত যদিও ইয়াৰ ফলত কামৰ বোজাও বৃদ্ধি পাইছে । মই মোৰ প্ৰদৰ্শনক অগ্ৰাধিকাৰ দিব বিচাৰো, মোৰ বেটিং উপভোগ কৰিব বিচাৰো আৰু পৰিয়ালৰ সৈতে কিছু সময় কটাব বিচাৰো, যিয়ে মোক সুখী কৰে" বুলি বাবৰ আজমে লগতে কয় ।

আজমে এদিনীয়া আৰু টি-20 দুয়োটা ফৰ্মেটৰ ক্ৰিকেটৰে অধিনায়কৰ পদ বাদ দিছে ৷ পাকিস্তানৰ টেষ্ট ক্ৰিকেটৰ অৱস্থাও উন্নত নহয় । যোৱা বছৰ বাবৰৰ পৰা অধিনায়কত্বৰ পদ লোৱাৰ পিছৰে পৰা শ্বান মাছুদ নেতৃত্বাধীন দলটো পাঁচখন টেষ্টত পৰাজয়ৰ সন্মুখীন হৈছে । বাংলাদেশৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাতো পৰাজয়ৰ সন্মুখীন হৈছে পাকিস্তান । সম্প্ৰতি পাকিস্তানে এদিনীয়া আৰু টি-20 ত নতুন অধিনায়ক নিযুক্তিৰ সন্দৰ্ভত সমস্যাৰ সন্মুখীন হৈছে ।

পি চি বি-ৰ মুৰব্বী মহছিন নকভিয়ে বাবৰৰ ওপৰত আস্থা প্ৰকাশ কৰি চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁক পুনৰ অধিনায়ক হিচাপে নিযুক্তি দিছিল । কিন্তু পুৰুষৰ টি-20 বিশ্বকাপত পাকিস্তানে গ্ৰুপ পৰ্যায়ৰ পৰাই বিদায় লোৱাত তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয় বাবৰ ।

বৰ্তমান সময়ত পাকিস্তানৰ হাতত নাই একাধিক বিকল্প অথবা পৰ্যাপ্ত সময় । কিয়নো অষ্ট্ৰেলিয়াত দলটোৰ এদিনীয়া শৃংখলা 4 নৱেম্বৰৰ পৰা আৰু টি-20 শৃংখলা 14 নৱেম্বৰৰ পৰা আৰম্ভ হ’ব । বৰ্তমানৰ খেলুৱৈসকলৰ ভিতৰত শ্বাহিন শ্বাহ আফ্ৰিদী, ছাদাব খান আৰু মহম্মদ ৰিজৱান হৈছে এই পদৰ বাবে সম্ভাৱ্য বিকল্প, যাক পাকিস্তানে চুটি ফৰ্মেটত জাতীয় দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত কৰিব পাৰে ৷

যোৱা বছৰ পাকিস্তান ছুপাৰ লীগ (পি এছ এল)ত লাহোৰ কালাণ্ডাৰছৰ সৈতে সফলতাৰ সোৱাদ লোৱাৰ পিছত বাবৰৰ ঠাইত টি-20 ক্ৰিকেটৰ অধিনায়ক হিচাপে নিযুক্তি লাভ কৰিছিল শ্বাহিনে । কিন্তু নিউজিলেণ্ডৰ হাতত একমাত্ৰ শৃংখলা পৰাজয়ৰ পিছত শ্বাহিনক এই পদৰ পৰা আঁতৰোৱা হয় । লগতে উক্ত স্থানত পুনৰ বাবৰ আজমক অধিষ্ঠিত কৰা হয় ৷

লগতে পঢ়ক:অধিনায়কত্ব হেৰুওৱাৰ দিশে বাবৰ আজম, শান মাছুদ: কাক দিয়া হ’ব নতুন দায়িত্ব - BABAR AZAM VS SHAN MASOOD

ABOUT THE AUTHOR

...view details