স্প’ৰ্টছ ডেস্ক: ইংলেণ্ডে দেওবাৰে ক্ৰিষ্টচাৰ্চৰ হেগলি অভেলত আঠ উইকেটৰ বিজয়েৰে নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ টেষ্ট শৃংখলা আৰম্ভ কৰে ।
টেষ্টত শচীন তেণ্ডুলকাৰক অতিক্ৰম জ’ ৰুটৰ
টেষ্ট ক্ৰিকেটৰ চতুৰ্থ ইনিংছত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে জ’ ৰুটে ভাৰতীয় কিংবদন্তী শচীন তেণ্ডুলকাৰক অতিক্ৰম কৰে । ৰুটে 15 টা বলত 22 ৰাণৰ এক দ্ৰুত ইনিংছ খেলে ৷ যাৰ বাবে ইংলেণ্ডে মাত্ৰ 12.4 অভাৰতে 104 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷
টেষ্ট ক্ৰিকেটত চতুৰ্থ ইনিংছত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী বেটছমেনৰ তালিকাৰ শীৰ্ষত সম্প্ৰতি আছে ইংলেণ্ডৰ জ’ ৰুটৰ নাম ৷
ক্ৰিকেটাৰগৰাকীৰ নামত চতুৰ্থ ইনিংছত আছে মুঠ 1630 ৰাণ ৷ আনহাতে, শচীন তেণ্ডুলকাৰে 1625 ৰাণ সংগ্ৰহ কৰি এই তালিকাৰ দ্বিতীয় স্থানত আছে । এলিষ্টাৰ কুক আৰু গ্ৰেম স্মিথ 1611 ৰাণৰ সৈতে তালিকাৰ তৃতীয় স্থানত আছে । আনহাতে, শিৱনাৰিন চন্দ্ৰপলে 1580 ৰাণৰ সৈতে শীৰ্ষ পাঁচত স্থান লাভ কৰিছে ।