স্পৰ্টছ ডেস্ক, ১১ জুন :ফিফা বিশ্বকাপ ২০২৬ আৰু এছিয়ান ফুটবল কনফেডাৰেচন (এএফচি) এছিয়ান কাপ ২০২৭ৰ প্ৰাথমিক যুটীয়া কোৱালিফায়াৰ দ্বিতীয় ৰাউণ্ডৰ অন্তিমখন মেচ ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে । মেচখনত মঙলবাৰে ভাৰতে ঘৰুৱা খেলপথাৰৰ বাহিৰত এছিয়ান চেম্পিয়ন কাটাৰৰ মুখামুখি হ'ব । এই মেচখনৰ ফলাফলে ভাৰতীয় ফুটবল ইতিহাসৰ গতিপথেই সলনি কৰিব পাৰে ।
বিগত সময়ছোৱাত ভাৰতে বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ তৃতীয় ৰাউণ্ডত পূৰ্বতে কেতিয়াও পদাৰ্পণ কৰিব পৰা নাছিল । এইবাৰ ভাৰতীয় দলটোৰ এই আশা এতিয়াও সজীৱ হৈ আছে । কিন্তু এই সপোন বাস্তৱত ৰূপান্তৰ কৰাটো ভাৰতীয় দলটোৰ বাবে ৰুবিক্স কিউবৰ দ্ৰুত সমাধানতকৈ কম জটিল নহয় ।
ভাৰতে এতিয়ালৈকে বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ বাবে এক মধ্যমীয়া অভিযান চলাই আহিছে । ঘৰৰ বাহিৰত কুৱেইটত 1-0 ব্যৱধানৰ বিজয়ে দলটোক যথেষ্ট আশা প্ৰদান কৰিছে । আফগানিস্তান (0-0 বাহিৰত) আৰু কুৱেইটৰ (ঘৰুৱা মেচত 0-0) বিৰুদ্ধে ড্ৰ হোৱাৰ পূৰ্বে আৰু কাটাৰৰ বিৰুদ্ধে (ঘৰুৱা মেচত 0-3) আৰু আফগানিস্তানৰ (ঘৰুৱা মেচত 1-2) পৰাজয়ে তেওঁলোকক এই যোগ্যতাৰ শৃংগ আৰোহণত কিছু প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে । সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ (এ আই এফ এফ) প্ৰেছ বিজ্ঞপ্তিত এই কথা উল্লেখ কৰা হৈছে ।
যদিও ভাৰত এতিয়াও পাঁচ পইণ্টেৰে গ্ৰুপ এত দ্বিতীয় স্থানত আছে ৷ কিন্তু দলটোৱে বৰ্তমান এ এফ চি এছিয়ান কাপ 2023ৰ চেম্পিয়ন দলটোৰ বিৰুদ্ধে ফলাফল নিজৰ পক্ষত অনাটো নিশ্চিত কৰিব লাগিব । লগতে দিনটোৰ শেষৰ ফালে অনুষ্ঠিত হ'বলগা কুৱেইট আৰু আফগানিস্তানৰ মাজৰ খেলখনৰো স্ক'ৰ নিজৰ অনুকূল হোৱাটো আশা কৰিব লাগিব ।
যদি তেওঁলোকে আয়োজক দলটোৰ বিৰুদ্ধে ড্ৰও খেলে, তেন্তে ব্লু টাইগাৰে কুৱেইট আৰু আফগানিস্তানৰ মাজৰ মেচখনতো একেটা ফলাফল আশা কৰিব । আনহাতে, যদি ভাৰতে কাটাৰক পৰাস্ত কৰে, তেন্তে সমীকৰণটো ভাৰতৰ বাবে সৰল হ'ব । অৱশ্যে সেই কৃতিত্ব অৰ্জন কৰাটো ভাৰতৰ বাবে ইমান সহজ নহ'ব ।